NORTHEAST NOW (Assamese)
অসম

জাতিধ্বংসী বিধেয়ক : এইবাৰ ক’লা পতাকাৰ সন্মুখীন হ’ল শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Posted by: এন ই নাও নিউজ February 4, 2019 8:32 am
education minister

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে দেওবাৰে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত বিদ্যালয়ৰে একাংশ শিক্ষাৰ্থীয়ে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত একাংশ শিক্ষাৰ্থীয়ে শিক্ষা মন্ত্ৰীৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। দেওবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানে আয়োজন কৰা অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়ত মহাবিদ্যালয়খনৰ গেইটতে প্ৰতিবাদী শিক্ষাৰ্থীসকলে শিক্ষা মন্ত্ৰীক আগচি ধৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

শিক্ষাৰ্থীসকলে হাতে হাতে ক’লা পতাকা লৈ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ, জাতিধ্বংসী বিধেয়ক বাতিল কৰক আদি শ্ল’গান দিয়ে। মহাবিদ্যালয়খনৰ ক্ষুব্ধ শিক্ষাৰ্থীসকলে খিলঞ্জীয়াৰ স্বাৰ্থত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।

দেওবাৰে বিয়লি মহাবিদ্যালয়খনৈ শিক্ষা মন্ত্ৰী অহাৰ কথা জানিব পাৰি প্ৰতিবাদী শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ প্ৰস্তুত হৈ পৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শনৰ বাবেও সাজু হৈছিল। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পূৰ্বৰে পৰা জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।