NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ ভুটান সীমান্তত চোৰাং কাঠভৰ্তি ২খন বাহন জব্দ; ৭ জনক আটক

Posted by: ছাজিদ খান February 5, 2019 7:01 pm
Udalguri

ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ টেংকিবষ্টিত অভিযান চলাই সোমবাৰে আবেলি সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ৩৭ নং বেটেলিয়নে চোৰাং কাঠভৰ্তি ২খন টাটা পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

বাহন দুখনৰ সৈতে টাংকিবষ্টি সীমান্ত আউটপ’ষ্টত নিয়োজিত এছ এছ বিৰ দলটোৱে এই সংক্ৰান্তত ৭ জন লোকক আটক কৰে।

আনহাতে বাহনখনৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ কাঠসমূহ অভিযানকাৰী দলটোৱে তদন্তৰ বাবে নোনাইখুটি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে।

উল্লেখযোগ্য যে অসমৰ ভাৰত-ভুটান সীমান্তত পৰা একাংশ অঞ্চলত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, উক্ত অঞ্চলসমূহত অসামাজিক চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাত এছ এছ বিয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।