NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্বক গ্ৰেপ্তাৰৰ দাবীত হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: আনিজ উজ জামান February 6, 2019 9:55 pm
Youth congress Howli

বৰপেটাৰ হাউলীত আজি যুৱ কংগ্ৰেছে দাহ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি। যুৱ কংগ্ৰেছৰ সদস্যসকলে সাৰদা চীট ফাণ্ড আৰু লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জড়িতৰ অভিযোগ তুলি তেওঁক গ্ৰেপ্তাৰৰ দাবী তোলে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিৰুদ্ধে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে সাৰদা আৰু লুইছবাৰ্জাৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল।

শেহতীয়াভাৱে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সাৰদা আৰু লুইছবাৰ্জাৰ কেলেংকাৰীৰ সৈতে অসমৰ মন্ত্ৰীগৰাকীক সাঙুৰি অনাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত পুনৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

মমতা বেনাৰ্জীৰ এই অভিযোগৰ পিছতেই আজি বৰপেটা জিলা যুৱ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে হাউলী চাৰিআলিত সমবেত হৈ হিমন্ত বিশ্বৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে।