NORTHEAST NOW (Assamese)
অসম

দিল্লী ডাইনামোজৰ বিৰুদ্ধে আজি গুৰুত্বপূৰ্ণ যুঁজত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ February 7, 2019 9:10 am
North East United Coach_Player

চলিত পঞ্চম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলৰ প্রতিযোগিতাৰ আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া এখন গুৰুত্বপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে দিল্লী ডাইনামোজৰ বিৰুদ্ধে মুখামুখি হব।

উল্লেখযোগ্য যে আজিৰ মেচত ৩ পইণ্ট অৰ্জন কৰিব পাৰিলেহে নৰ্থ-ইষ্ট য়ুনাইটেডে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। এই পৰ্যন্ত দলটোৱে ১৪ মেচত ২৩ পইণ্ট সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে দলটোৱে নিজৰ অন্তিমখন খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে পৰাস্ত হ’ব লগীয়া হৈছিল। আনহাতে দিল্লীৰ দলটোৰ বিৰুদ্ধে নৰ্থ-ইষ্টৰ এয়া দ্বিতীয় লীগৰ মেচ, ইয়াৰ আগৰ মেচখনত দিল্লী ডাইনামোজক নৰ্থ-ইষ্ট য়ুনাইটেডে ২-০ গ’লত পৰাস্ত কৰিছিল।

দিল্লীৰ দলটো প্লে-অফৰ পৰা বাহিৰ হোৱাটো ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে। সেয়ে তেওঁলোকে আজিৰ মেচত চাপমুক্ত হৈ খেলিব পাৰিব বুলি মন্তব্য কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক এলকো স্কেট’ৰিয়ে কয় যে চাপমুক্ত হৈ খেলা আৰু এক নিৰ্দিষ্ট লক্ষ্য লৈ খেলাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

দিল্লীৰ দলটোৰ বিৰুদ্ধে জয়ী হ’বলৈ নৰ্থ-ইষ্ট য়ুনাইটেডে খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণাত্মকভাৱে খেলিব লাগিব বুলিও প্ৰশিক্ষক গৰাকীয়ে কয়।