NORTHEAST NOW (Assamese)
অসম

ব্রহ্মপুত্র সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

Posted by: এন ই নাও নিউজ February 7, 2019 4:33 pm

৯ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই। দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ পৰা আৰোগ্য হৈ উঠা অভিনেত্ৰী গৰাকীয়ে ১০ ফেব্ৰুৱাৰিত “হেল্ড: চাৰ্ভাইভিং কেঞ্চাৰ” শীৰ্ষক এক বিশেষ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বুলি জি প্লাচৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বিশেষ আলোচনা চক্ৰখনিত মনিষা কৈৰালাৰ কেঞ্চাৰৰ সৈতে আৰোগ্য লাভৰ বাবে কৰা ব্যক্তিগত প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰা হ’ব। আমেৰিকাত চিকিৎসা গ্ৰহণ কৰাৰে পৰা কিদৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ জীৱন ওভতাই পাইছিল আৰু সুস্থহৈ ঘৰলৈ উভতিছিল এই সমগ্ৰ পৰিক্ৰমাৰ ওপৰত অভিনেত্ৰী গৰাকীয়ে অনুষ্ঠানত বৰ্ণনা কৰিব।

চলিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত দেশৰ লগতে অন্যান্য দেশৰ ১০০ গৰাকী লেখকে অংশগ্ৰহণ কৰি জনসাধাৰণৰ লগত মতবিনিময় কৰিব। অসম প্ৰকাশন পৰিষদে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। খেলৰ পৰা যুদ্ধ বিগ্ৰহলৈ সামৰি চল্লিশতকৈও অধিক বিভিন্ন বিষয়ৰ আলোচনা সাহিত্য উৎসৱৰ মজিয়াত অনুষ্ঠিত হ’ব। এছিয়ান দেশ সমূহৰ সাহিত্যৰ ওপৰতো বিশেষ আলোচনাৰ আয়োজনৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সমিতিয়ে।