NORTHEAST NOW (Assamese)
অসম

মোদী-শ্বাহলৈ কঢ়া চিঠি মেঘালয় বিজেপি নেতা চুলাইৰ

Posted by: ৰাইনিং লিংদ’ February 7, 2019 9:46 pm
Meghalaya BJP MLA reminds Modi of his decision to quit over CAB

শ্বিলঙত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শেহতীয়াকৈ ৪০ হাজাৰোধিক লোকৰ বিশাল প্ৰতিবাদত ভাগ লোৱাৰ পিছতে মেঘালয়ৰ বিজেপি নেতা চানবৰ চুলায়ে এক কঢ়া পত্ৰ প্ৰেৰণ কৰিছে মোদী-শ্বাহলৈ।

গৃহ ৰাজ্য মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূবক আওতাৰ পৰা বাদ নিদি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃ্হীত কৰিলে এমাহৰ ভিতৰত হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে দল এৰাৰ হুংকাৰ দিছে বিজেপি নেতাজনে।

“মোৰ গৃহ ৰাজ্য মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ ৰাইজৰ মত বিবেচনা নকৰি ৰাজ্যসভাত বিধেয়কখন গৃ্হীত কৰিলে এমাহৰ ভিতৰত মই দল এৰিম,” মোদী-শ্বাহৰ লগতে কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিঙলৈকো ৫ ফেব্ৰুৱাৰিত দিয়া পত্ৰত এই চূড়ান্ত ঘোষণা চুলাইৰ।

নিজৰ কাৰ্য্যালয়ত প্ৰতিদিনাই বিধেয়কৰ বিৰুদ্ধে ৰাইজে আহি মত দিয়া বুলি উল্লেখ কৰি দক্ষিণ শ্বিলঙৰ বিধায়কজনে লগতে কয় যে তেওঁৰ সৈতে দলত যোগ দিয়া দহ হাজাৰ সমৰ্থক লগত লৈ বিজেপি এৰাৰ বাবে তেওঁ সাজু।

লগতে পঢ়ক– নামানে বিধেয়ক, মোদীকে চিধা জনাই দিলে মিজোৰাম বিজেপিয়ে

নতুন দিল্লীৰ ৰামলীলা ময়দানত বিজেপিৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত বিধেয়কৰ বিৰুদ্ধে তেওঁ দিয়া স্মাৰক পত্ৰৰ কথাও মোদী-শ্বাহক পুনৰ সোঁৱৰাই দিছে বিজেপি নেতাজনে।

মেঘালয়ৰ নেতাজনতকৈয়ো কঠোৰ স্থিতি লৈ মিজোৰাম বিজেপিৰ সভাপতি জন ভি লুনাই শেহতীয়াকৈ বিধেয়কৰ প্ৰতিবাদত দলৰ ৰাজ্যিক শাখাটোকে ভাঙি দিয়াৰ হুংকাৰ দিছিল।

উত্তৰ-পূবৰ বহুসংখ্যক বিজেপি নেতাৰ বিধেয়ক বিৰোধী দৃঢ় স্থিতিৰ ফলত বিপৰীত মেৰুত আহি পৰিছেহি দলটোৰ অসম প্ৰদেশৰ নেতাসকল।