NORTHEAST NOW (Assamese)
অসম

শংকৰদেৱ সংঘৰ ধৰ্মধ্বজ্জা গায়ন-বায়নেৰে অনা হ’ল বোকাখাতৰ মহুৰা পথাৰলৈ

Posted by: উত্তম শইকীয়া February 10, 2019 8:53 pm
Sankardev sangha

সামৰণি পৰিল লাখ লাখ ভকত-বৈষ্ণৱৰ সমাগমেৰে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশন। ২০২০ চনত সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ’ব গোলাঘাট জিলাৰ বোকাখাতত।

এই উদ্দেশ্যে আজি বিয়লি বোকাখাতলৈ অনা হয় শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনৰ পৰা অনা সংঘৰ ধৰ্মধ্বজা। মৰিগাঁৱৰ অধিৱেশনস্থলীৰ পৰা সুসজ্জিত বাহনত কঢ়িয়াই অনা ধৰ্ম ধ্বজাক গোলাঘাট জিলাৰ পশ্চিম সীমাৰ পৰা ৰাইজে গায়নে-বায়নেৰে বোকাখাতলৈ আদৰি আনে।

বাগৰিৰ পৰা বোকাখাতলৈ অনাৰ পথত কহঁৰা চাৰিআলিকে ধৰি বিভিন্ন স্থানত সংঘৰ বিভিন্ন শাখা আৰু স্থানীয় সংগঠনে ধৰ্মধ্বজাক বোকাখাতলৈ আদৰণি জনায় ৷ কহঁৰাৰ পাছতে বোকাখাতৰ নাট্যমন্দিৰ প্ৰাঙ্গনত স্থানীয় বিভিন্ন দল-সংগঠনে সংঘৰ পতাকাক আদৰণি জনায় ৷

ইয়াৰ পাছত সমূহীয়া প্ৰাৰ্থনাৰে বোকাখাতত থকা সংঘৰ জিলা নামঘৰত ধৰ্মধ্বজা স্থাপন কৰা হয় ৷ উল্লেখযোগ্য যে ২০২০ চনত বোকাখাতৰ মহুৰা পথাৰত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনস্থলীৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ বুলি নামাকৰণ কৰা হৈছে।