NORTHEAST NOW (Assamese)
অসম

হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪জন নিহত ৩জন আহত

Posted by: নিখিল মুন্দ্ৰা February 12, 2019 8:07 pm

হোজাই জিলাৰ নিলবাগানত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাটোত ৪জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে নিলবাগানৰ মাজেৰে যোৱা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লংকা আলিৰ মুবাৰক বষ্টিত আজি আবেলি প্ৰায় ৩ বজাত তীব্ৰ বেগত আহি থকা এ এছ ০২-বি চি ২২৯৭ নম্বৰৰ এখন অ’টো ৰিক্সাই পথত ৰখাই থোৱা এ এছ ০১-এ চি-৭২৯৯ নম্বৰৰ ট্ৰাকখনত খুন্দা মৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

বাতৰি লিখা পৰ্যন্ত নিহত কেইজনৰ ভিতৰত মাত্ৰ এজনক চিনাক্ত কৰা হৈছে। তেওঁক ডবকাৰ বাসিন্দা ছালেহা বেগম বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ খবৰ পাই আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকসকলৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত অট’ ৰিক্সাখনৰ পৰা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত লোককেইজনৰ মৃতদেহ কেইটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে হোজাই জিলাত পথ দুৰ্ঘটনা ক্ৰমাৎ নিত্য নৈমিত্তিক ঘটনালৈ পৰিগণিত হৈছে।