NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ ৰাজ্যজুৰা প্ৰতিবাদ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 12, 2019 8:46 pm
Guwahati- PM Modi effigy burn by AJYCP (7)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবতে তীব্ৰ আন্দোলন চলি থকাৰ সময়তে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ অংশ হিচাপে মহানগৰীৰ চানমাৰিৰ ৰাজপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাই বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দি কয় যে ‘বিধেয়ক গৃহীত হ’লে অসম জ্বলিব’।

একেদৰে সংগঠনটোৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ ৰয়ে কয়, ‘দিল্লীলৈ উত্তৰ-পূববাসীয়ে নজৰ দি আছে। বিধেয়ক গৃহীত হ’লে ৰাইজ ক্ষান্ত নাথাকে’।

উল্লেখযোগ্য যে বিধেয়ক বিৰোধী শক্তিক একত্ৰিত কৰাৰ উদ্দেশ্যে আছু, নেছ’, অগপকে ধৰি উত্তৰ-পূবৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ সংগঠনৰ প্ৰতিনিধিয়ে দিল্লীত বাহৰ পাতি আছে।

আজি যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে তেলেগু দেশম পাৰ্টিৰ নেতা তথা অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে নেতা দুজনে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাকো সাক্ষাৎ কৰে।