NORTHEAST NOW (Assamese)
অসম

চহিদক সুঁৱৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ব্যৰ্থ হোৱাত অগপৰ আনন্দ-উল্লাস

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 13, 2019 9:12 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপনত বিজেপি ব্যৰ্থ হোৱাৰ পাছত বুধবাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে আনন্দ-উল্লাসৰ পৰিৱেশ দেখা গৈছে। এয়া উত্তৰ-পূববাসীৰ বাবে এক সাময়িক সকাহ বুলি বিধেয়ক বিৰোধী বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে ইতিমধ্যে মত প্ৰকাশ কৰিছে।

আজি বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি বিজেপিৰ সংগ ত্যাগ কৰা অসম গণ পৰিষদ দলৰ নেতা-কৰ্মীসকলৰ মাজতো দেখা গ’ল আনন্দৰ পৰিৱেশ। দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

ইয়াৰ পাছতেই মিঠাই বিতৰণ কৰি, আতচবাজি জ্বলাই দলটোৱে হৰ্ষোল্লাস কৰে। এই কাৰ্যসূচীত দলটোৰ বিধায়ক পবীন্দ্ৰ ডেকাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

মুখ্য কাৰ্যালয়ৰ উপৰিও দলটোৰ জিলা সমিতি সমূহৰ কাৰ্যালয় সমূহতো চহিদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি চহিদলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে।

ইফালে সম্প্ৰতি নতুন দিল্লীত থকা অগপ নেতৃত্বই এই বিজয়ক বিধেয়ক বিৰোধী অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী জনসাধাৰণৰ নৈতিক বিজয় বুলি অভিহিত কৰিছে।

এক বিবৃতিযোগে দলৰ সভাপতি অতুল বৰাই কয়, ‘অসমৰ জনসাধাৰণে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে বিজয় কিদৰে সাব্যস্ত কৰিব লাগে সেই কথা জানে। দমন, প্ৰলোভন আৰু বিভাজনৰ ৰাজনীতিৰে গণতান্ত্ৰিক সংগ্ৰামক প্ৰতিহত কৰিব পৰা নাযায়। ঐক্যবদ্ধ সংগ্ৰামৰ সন্মুখত পুনৰ নতশিৰ হ’ল দিল্লীস্থ কেন্দ্ৰীয় চৰকাৰ।’

লগতে বৰাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদে সাতভনীৰ ঐক্য পুনৰ প্ৰতিপন্ন কৰা বুলিও মন্তব্য কৰে।

একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তইয়ো অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজত পুনৰবাৰ ৰাজ্যৰ খিলঞ্জীয়াই নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিলে বুলি মন্তব্য কৰে।