NORTHEAST NOW (Assamese)
অসম

আকৌ প্ৰধান মন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী!

Posted by: এন ই নাও নিউজ February 13, 2019 8:38 pm
Gadkari's family holiday: Opposition raps Modi government

নাগৰিকত্ব বিধেয়ক গৃহীতকৰণত বিফলতাই বিজেপিক ভীষণ অস্বস্তিত পেলালেও পুনৰ নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধান মন্ত্ৰী!

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি কাণত পৰাৰ পৰতে মোদীৰ পুনৰ প্ৰধান মন্ত্ৰিত্বৰ ভৱিষ্যতবাণী কৰিছে শেহতীয়াকৈ বিজেপি মিত্ৰ জে দি (ইউ)ত যোগ দিয়া প্ৰখ্যাত নিৰ্বাচনী প্ৰচাৰ মেনেজাৰ প্ৰশান্ত কিশোৰে।

“নৰেন্দ্ৰ মোদী এন দি এ’ৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু প্ৰধান মন্ত্ৰী হিচাপে তেওঁৰেই পুনৰ আগমণ ঘটিব,” সোমবাৰে এক সংবাদমেলত কিশোৰৰ মন্তব্য।

কিশোৰে নিজ দল জে দি (ইউ)ৰ নেতা, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰ প্ৰধান মন্ত্ৰিত্বৰ দাবীদাৰ নহয় বুলিও মন্তব্য কৰিছে।

“নীতীশ কুমাৰ এন দি এ’ৰ এজন ডাঙৰ নেতা। নীতীশ কুমাৰে নিশ্চয়কৈ এটা ডাঙৰ ভূমিকা পালন কৰিব। কিন্তু তেওঁক প্ৰধান মন্ত্ৰী পদৰ দাবীদাৰ বুলিলে ভুল হ’ব,” মন্তব্য জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় উপ সভাপতি কিশোৰৰ।

জে ডি (ইউ) বিজেপি আৰু শিৱসেনাৰ পিছতে এন ডি এ’ৰ তৃতীয় বৃহৎ দল।

মোদীৰ হৈ নিৰ্বাচনী ৰণকৌশল ৰচনাত পুনৰ ভাগ লোৱাৰ কথা অৱশ্যে অস্বীকাৰ কৰিছে কিশোৰে। ২০১২ চনত গুজৰাট বিধান সভা আৰু ’১৪ৰ সাধাৰণ নিৰ্বাচনত  নৰেন্দ্ৰ মোদীৰ হৈ তেওঁ প্ৰচাৰ কৌশল ৰচনা কৰিছিল।

এটা দলত যোগ দিয়াৰ পিছত আনৰ হৈ পেছাদাৰী সেৱা আগবঢ়োৱাৰ কথা নাহে, কিশোৰৰ স্পষ্টীকৰণ।

পেছাদাৰী নিৰ্বাচনী প্ৰচাৰ মেনেজাৰৰূপে প্ৰশান্ত কিশোৰ ভাৰতত বাটকটীয়া।