NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণৰ নাটক : চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কোঁচ-ৰাজবংশী সন্মিলনীৰ

Posted by: এন ই নাও নিউজ February 14, 2019 11:35 am
All-Koch-Rajbongshi-Students

‘‘অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি চৰকাৰখনে চৰম প্ৰতাৰণা কৰিলে। ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে ছয় মাহৰ ভিতৰত কোঁচ-ৰাজবংশীকে ধৰি অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্য্যত অশাৰ প্ৰতিপন্ন হ’ল।’’ বুধবাৰে অনুষ্ঠিত সংবাদমেলত বিজেপিক কটাক্ষ কৰি এইদৰে ক্ষোভ ব্যক্ত কৰে কোঁচ-ৰাজবংশী সন্মিলনীয়ে।

সংবাদমেলখনত অংশগ্ৰহণ কৰি সন্মিলনীৰ  সভাপতি বীৰেশ্বৰ শইকীয়াই মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে এলানী প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰে। সমগ্ৰ জিলা সমূহত আজি সংগঠনটোৱে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে অসমৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সমূহৰ সন্মুখত ২০ ফেব্ৰুৱাৰিত ধৰ্ণাত বহিব সংগঠনটোৰ কৰ্মকৰ্তাসকল।

আনহাতে, ক্ষমতাত পাঁচ বছৰ থকাৰ পাছতো প্ৰতিশ্ৰুতি দিয়া অনুসৰি অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণত চূড়ান্তভাবে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে ভোট বেংকৰ স্বাৰ্থত জনজাতিকৰণৰ নাটক ৰচনা কৰা বুলি সমালোচনা কৰে সন্মিলনীয়ে।

পুনৰবাৰ জনগোষ্ঠীয় লোক সকলক প্ৰতাৰণা কৰাৰ এনে  ষড়যন্ত্ৰ সহ্য কৰা নহ’ব বুলি চৰকাৰক সকিয়নী দি সংবাদমেলখনত বিজেপিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোঁচ-ৰাজবংশী সকলৰ দাবী পূৰণ কৰাৰ বাবে অনাগত দিনসমূহত অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।