NORTHEAST NOW (Assamese)
অসম

বাংলাদেশী মুছলমানৰ মানৱীয় মৰ্য্যাদাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ February 14, 2019 10:10 pm
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

মুছলমানসকল (পঢ়ক অসমত থকা বাংলাদেশমূলীয় মুছলমান)ৰ সৈতে মানৱীয় ব্যৱহাৰ কৰাত মোৰ কোনো সমস্যা নাই, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপিত নোহোৱাক লৈ সৰ্বত্ৰ চৰ্চাৰ মাজত মুখ্য মন্ত্ৰী সোণোৱালৰ নীৰৱতাৰ বিপৰীতে বিষয়টোৰ মোকাবিলা কৰি মন্ত্ৰী শৰ্মাই কৰিছে এই মন্তব্য।

“(বাংলাদেশৰ পৰা অহা) মুছলমানসকল মূলতঃ অৰ্থনৈতিক অনুপ্ৰৱেশকাৰী। তেওঁলোকৰ সৈতেও মানৱীয়ভাৱে ব্যৱহাৰ কৰক, তাত মোৰ কোনো সমস্যা নাই। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাহিৰ হওক, তেওঁলোকক ৰাষ্ট্ৰহীন নাগৰিকৰ মান দিয়ক, তেওঁলোকক সম্পত্তিৰ অধিকাৰৰ পৰা বাহিৰত ৰাখক; কিন্তু স্বাস্থ্য আৰু শিক্ষা তেওঁলোকেও পাওক,” শেহতীয়াকৈ “জিন্না” বিতৰ্কৰ সৃষ্টি কৰা শৰ্মাৰ ইণ্ডিয়া তুদে’-ৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্তব্য।

বিধেয়ক আৰু এন আৰ চিৰ যোগেদি বিদেশী চিনাক্তকৰণ— এই দুয়োটা “সংঘাতপূৰ্ণ ধাৰণা” নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিদেশীৰ এই শ্ৰেণীবিভাজন কৰিছে শৰ্মাই।

শৰ্মাৰ মতে অসমত থকা বাংলাদেশী হিন্দুসকল “ধৰ্মীয়ভাৱে নিপীড়িত অনুপ্ৰৱেশকাৰী” আৰু তেওঁলোক অসমীয়া পৰিচয়ৰ প্ৰতি ভাবুকি নহয়, কিন্তু বংগীয় মুছলমানে “ৰাজনৈতিক ক্ষমতা” কব্জা কৰিব খোজে।

“প্ৰত্যেক মুছলমান নহয়, কিন্তু বাংলাদেশৰ পৰা অহা মুছলমানসকলে অসমৰ ৰাজনৈতিক ক্ষমতা নিয়ন্ত্ৰণ কৰিব খোজে। বাংলাদেশী হিন্দুসকলৰ সেই ‘জ’শ’টো নাই,” শৰ্মাৰ মন্তব্য। পূৰ্বৰ বহুচৰ্চিত ফৰ্মুলা দোহাৰি মন্ত্ৰীজনে কয় হিন্দু আহিলে “আমাৰ অসমীয়া আৰু হিন্দু পৰিচয়” মজবুত হ’ব।

আজ তক-ৰ টুইট

বাংলাদেশী মুছলমানে অসমৰ খিলঞ্জীয়া মুছলমানৰ সংস্কৃতিকো ধ্বংস কৰিব খোজে, শৰ্মাৰ মন্তব্য।

আনহাতে বিধেয়কখন গান্ধী-নেহৰুৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”ৰ ফল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত “মুছলমান”সকলৰ কথা কোৱা হোৱা নাই, কাৰণ চুবুৰীয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশকেইখনত একে ধৰ্মৰ লোক “ধৰ্মীয় নিপীড়ণ”ৰ বলি হোৱাতো অপ্ৰাসংগিক।

বিধেয়কখনত কিন্তু “ধৰ্মীয় নিপীড়ণ” প্ৰসংগ অনুপস্থিত।