NORTHEAST NOW (Assamese)
অসম

বিস্ফোৰিত হোৱা গাড়ীখনৰ পিছৰ গাড়ীত আছিল পবিত্ৰ বৰ্মন; নিৰাপদে থকা বুলি ফেচবুক ষ্টেটাছ দি জনালে অসমবাসীক

Posted by: এন ই নাও নিউজ February 15, 2019 8:14 am
Pabitra Barman

১৪ ফেব্ৰুৱাৰিত সংঘটিত জম্মু আৰু কাশ্মীৰৰ ভয়ংকৰ আত্মঘাতী বিস্ফোৰণটোত নিহত হোৱা বুলি বৰকৈ প্ৰচাৰিত অসমৰ চি আৰ পি এফ জোৱান পবিত্ৰ বৰ্মনৰ একো হোৱা নাই। বঙাইগাওঁ জিলাৰ যুৱকজনে নিজে নিৰাপদে থকা বুলি ফেচবুক ষ্টেটাছ দি অসমবাসীক জনাইছে।

“বন্ধুসকল, মোৰ একো হোৱা নাই। নিউজত এনেয়ে নাম ওলাইছে। মই ঠিকে আছো”, অসমত তেওঁৰ মৃত্যু হোৱা বুলি খবৰ ওলোৱা বুলি জানিব পাৰি মাজনিশাৰ এটা ফেচবুক ষ্টেটাছত কয় যুৱকজনে।

উল্লেখযোগ্য যে বিস্ফোৰণত নিহতসকলৰ সঠিক নাম-ঠিকনা এতিয়াও বিভাগীয় নিশ্চয়তাৰ সৈতে উপলব্ধ হোৱা নাই। আনকি অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে ১৪ ফেব্ৰুৱাৰিৰ নিশা ১০ বজা পৰ্য্যন্ত তেওঁলোকৰ হাতত হতাহতৰ কোনো স্পষ্ট তথ্য নাই বুলি জানিবলৈ দিছিল নৰ্থ-ইষ্ট নাওক। পবিত্ৰ বৰ্মনৰ ফ’ন ছুইচ্ছ অফ থকাত তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ ঘনীভূত হৈছিল আৰু ছ’চিয়েল মিডিয়াত সেয়া বনজুইৰ দৰে বিয়পি পৰিছিল।

পিছত লগৰ আন এজনলৈ অসমৰ পৰা দুই এজন শুভাকাংক্ষীয়ে তেওঁলৈ ফোন কৰি এই সন্দেহ নিৰসন কৰে। হিতেশ সৰকাৰ নামৰ লগৰজনে ফোনত জনোৱা মতে, বিস্ফোৰিত হোৱা গাড়ীখনৰ পিছৰ গাড়ীখনতহে আছিল পবিত্ৰ বৰ্মন। নিৰাপদে থকা বুলি ফেচবুক ষ্টেটাছ দি জনালে অসমবাসীক

এতিয়াও এম বসুমতাৰী নামৰ আন এজন জোৱানৰ মৃত্যু হোৱাৰ খবৰ নিশ্চিত হ’বলৈ বাকী আছে। বিস্ফোৰিত হোৱা গাড়ীখনত থকা বুলি জোৱানৰ যিখন তালিকা প্ৰকাশ হৈছে তাত বসুমতাৰীৰ নাম দেখা গৈছে।

১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত এই আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনাটো যোৱা তিনিটা দশকৰ ভিতৰতে সৰ্বাধিক ভয়ংকৰ। ঘটনাটোত প্ৰায় ৪০জন চি আৰ পি এফ জোৱানৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে।

বিঃ দ্ৰঃ বিস্ফোৰণটোত মৃত্যু হোৱা বুলি বৰকৈ চৰ্চিত পবিত্ৰ বসুমতাৰী নামৰ জোৱানজনৰ মৃত্যু হোৱা নাই বুলি এটা বিশেষ সূত্ৰৰ আঁত ধৰি নিশ্চিত বাতৰি দিছিল নৰ্থ-ইষ্ট নাও-এ। এয়া সত্য যদিও বাতৰিটোত চি আৰ পি এফৰ বাছৰ উক্ত কনভয়টোৰ মাজৰে এখন বাছত তেওঁ আছিল বুলি কোৱা কথাটো সত্য নহয়। বৰ্মনৰ কৰ্তব্যস্থান অন্য এঠাইতহে আৰু তেওঁ নিৰাপদে আছে বুলি আজি নৰ্থ-ইষ্ট নাওক জনায় তেওঁৰ পৰিয়ালৰ সূত্ৰই।