NORTHEAST NOW (Assamese)
অসম

বিশ্ব বিখ্যাত স্প’ৰ্টছ ব্ৰেণ্ড ‘পিউমা’ৰ সৈতে চুক্তিবদ্ধ হ’ল বক্সাৰ মেৰীকম

Posted by: এন ই নাও নিউজ February 19, 2019 7:35 am
mary-kom-

ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন তথা ২০১২ অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰিকমৰ বাবে আন এক সুখবৰ। অৱশ্যে এইবাৰৰ এই সুখবৰটো বক্সিং ৰিঙৰ পৰা নহয় আহিছে বিশ্বৰ এটা আগশাৰীৰ স্প’ৰ্টছৱেৰ ব্ৰেণ্ড পিউমা ৰ পৰা। ব্ৰেণ্ডটোৱে বক্সাৰগৰাকীক অহা দুবছৰৰ বাবে ‘ব্ৰেণ্ড এম্বেছাদাৰ’ হিচাপে চুক্তিবদ্ধ কৰিছে।

পিউমা ইণ্ডিয়াৰ ৱ’মেনছ ট্ৰেইনিং শাখাৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ মেৰীকমে দেশত ব্যৱসায়িক অভিযানত ব্ৰেণ্ডটোক প্ৰতিনিধিত্ব কৰিব।

ইফালে বিশ্বৰ এই আগশাৰীৰ স্প’ৰ্টছ ব্ৰেণ্ডটোৰ সৈতে চুক্তি হ’বলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছে মেৰীকমে। তেওঁ কয়, ‘এগৰাকী মহিলা তথা মাতৃ হিচাপে মই বহু প্ৰত্যাহ্বানাৰ সন্মুখীন হৈছো। সেই প্ৰত্যাহ্বান মই অতিক্ৰম কৰিছো। ইয়াৰ বাবে মই মোৰ পৰিয়াল আৰু দলক ধন্যবাদ জনাইছো’।

তেওঁ লগতে পিউমাই সদাই মহিলাক সহায় তথা উৎসাহিত কৰি আহিছে বুলিও উল্লেখ কৰে।

আনহাতে পিউমাৰ ভাৰতৰ মেনেজিং ডিৰেক্তৰ অভিশেখ গাংগুলীয়ে মেৰীকমক চুক্তিবদ্ধ কৰিবলৈ পাই যথেষ্ট পৰিমানে আনন্দিত অনুভৱ কৰাৰ লগতে ইয়াৰ জৰিয়তে ভাৰতৰ মহিলাসকলক অনুপ্ৰাণিত কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে।