NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

Posted by: পার্শ্বজোতি গগৈ February 20, 2019 4:56 pm

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰো বিভিন্ন ঠাইত আজি উলহ মালহেৰে আলি আয়ে লৃগাং উদযাপন কৰা হয়। ডিমৌৰ কৈৱৰ্তদলনী মিচিং গাঁৱতো পুৱাৰে পৰা  প্ৰতিকুল বতৰকো নেউচি বিভিন্ন কাৰ্য্যসূচীৰে আলি আয়ে লৃগাং উদযাপন কৰা হয়।

বাৰিষাৰ আগমনৰ সৈতে কৃষি নিৰ্ভৰশীল মিচিংসকলে পালন কৰে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। কৃষি পথাৰত শস্যৰ বীজ ৰোপনৰ আৰম্ভণি উপলক্ষে মাংগলিক ৰীতি-নীতি আৰু ৰং-আনন্দৰ উৎসৱ স্বৰূপে এই উৎসৱ আয়োজন কৰা হয়। সেয়েহে মাংগলিক ৰীতিৰে হাল বাই ৰখা পথাৰত গুটি ধানৰ বীজ ছটিয়াই নাঙল-জুঁৱলি লৈ  এপাক ঘূৰি এখন সেউজীয়া সোণগুটিৰ পথাৰ কামনা কৰে কৃষিজীৱি মিচিংসকলে।

পৰম্পৰা অনুসৰি মিচিংসকলৰ আৰাধ্য দেৱতা ইন্দ্ৰ আৰু অন্যান্য দেৱতাসকলক সন্তুষ্ট কৰিবলৈ এনেদৰে কুকুৰা কণী উচৰ্গা কৰি সম্পন্ন কৰা মাংগলিক কৰ্মৰ পিচতে মিচিং গাঁৱৰ ডেকা-গাভৰুসকলে গুমৰাগ নৃত্যত মতলীয়া হৈ পৰে।

ঐনিতম আৰু ঢোলৰ ছেৱত ফাগুনৰ প্ৰথমটো বুধবাৰ ৰঙীন হৈ পৰে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙত।