NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰে’ল প্ৰকল্প

Posted by: এন ই নাও নিউজ February 20, 2019 6:26 pm

নিৰ্মানকাৰী সংস্থাই  মুখামুখি হোৱা কেতবোৰ সমস্যাৰ বাবে সময়মতে মুকলি নহ’ব প্ৰস্তাবিত ভাৰত-বাংলাদেশ ৰে’ল প্ৰকল্প।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মঙলবাৰে আগৰতলাত বৈদেশিক মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নমগ্য খাম্পাৰ নেতৃত্বত হোৱা ছয় জনীয়া সমিতিৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত ভাৰত আৰু বাংলাদেশৰ মাজত হ’ব লগা ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাবিত আগৰতলা-আখাউৰা ৰে’ল প্ৰকল্পৰ সন্দৰ্ভত নিৰ্মানকাৰী সংস্থাই কাম চলি থকা কিছুমান অঞ্চলত মুখামুখি হোৱা সমস্যাৰ বিষয়ে সমিতিখনৰ আগত অৱগত কৰে।

বৈঠকত অংশগ্ৰহণ কৰা এজন বিষয়াই উল্লেখ কৰা অনুসৰি ভূমিৰ সমস্যা এই ক্ষেত্ৰত মূল সমস্যা হিচাপে দেখা দিছে কাৰণ নিৰ্মান কাৰ্য্য আৰম্ভ হোৱাৰ পূৰ্বে বহু লোকে সেই অঞ্চল সমূহত নিজৰ ঘৰ সাজিছে।

উল্লেখযোগ্য যে, বৈঠকৰ অন্তত বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা নিৰ্মানকাৰী সংস্থা ইৰক’নক ৰে’ল পথ নিৰ্মানৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দি প্ৰয়োজন হ’লে অতিৰিক্ত ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে ভূমি সংক্ৰান্তীয় বিষয় সমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰক শীঘ্ৰে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে মন্ত্ৰ্যালয়ে।