NORTHEAST NOW (Assamese)
অসম

পুলৱামাৰ চহিদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি চি আৰ পি এফৰ

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী February 21, 2019 7:08 am
IMG-20190220-WA0008

১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ আত্মঘাতী বোমা বিস্ফোৰণত মৃত্যুক সাবটি লোৱা বীৰ জোৱানসকলক সুঁৱৰি অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বুধবাৰে চি আৰ পি এফৰ লগতে সাধাৰণ জনতাই চহিদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে বীৰ চহিদ জোৱানসকলৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি(অপাৰেশ্যন) ভি এছ শৰ্মা, ১৭১ নং চি আৰ পি এফ বেটেলিয়নৰ কামাণ্ডেণ্ট প্ৰদ্যুম্ন কুমাৰ সিং, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক চুবাসিনি শংকৰণৰ লগতে আন বহু লোক উপস্থিত থাকে।

উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰী চহিদ হৈছিল। বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰত আৰু তেওঁ চি আৰ পি এফৰ ৯৮ বেটেলিয়নৰ এজন হেড কনিষ্টবল আছিল।