NORTHEAST NOW (Assamese)
অসম

চহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২০ লাখ টকাৰ চেক প্ৰদান

Posted by: এন ই নাও নিউজ February 21, 2019 6:03 pm

চহিদ মনেশ্বৰ বসুমতাৰীলৈ অসম চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ এককালীন সাহায্য আজি বসুমতাৰীৰ পৰিয়ালৰ লোকক প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত অসম চৰকাৰৰ হৈ মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিত হৈ বসুমতাৰীৰ পৰিয়ালৰ লোকক ২০ লাখ টকাৰ সাহায্য প্ৰদান কৰে।

সাহায্য প্ৰদানৰ সময়ত ঋষিকেশ গোস্বামীৰ লগত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীও উপস্থিত থাকে।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰিত জম্মু কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হৈছিল মনেশ্বৰ বসুমতাৰী।