NORTHEAST NOW (Assamese)
অসম

বৰপেটা কাৰাগাৰত কয়েদীৰ বাবে শীঘ্ৰেই স্থাপন হ’ব এটি পুথিভঁৰাল

Posted by: অনুপ শর্মা February 21, 2019 7:50 pm
barpeta-jail-750x375

বৰপেটা জিলা কাৰাগাৰৰ কয়েদীসকলৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটি পুথিভঁৰাল। বৰপেটা সদৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে তেওঁৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা কাৰাগাৰখনৰ কয়েদীসকলৰ বাবে এটা পুথিভঁৰাল স্থাপন আৰু গ্ৰন্থ ক্ৰয় কৰিবৰ বাবে পাঁচ লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘’চলিত বৰ্ষৰ পহিলা জানুৱাৰিৰ দিনা মই কাৰাগাৰখন পৰিদৰ্শন কৰিবলৈ যাওঁতে মোৰ মনলৈ চিন্তাটো আহিছিল। কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে মোক জানিবলৈ দিছিল যে পুঁজিৰ অভাৱৰ বাবে তেওঁ এটা পুথিভঁৰাল স্থাপন কৰিব পৰা নাই। মই এই পুঁজি বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা দিয়াৰ সিদ্ধান্ত লৈছিলো,’’-বিধায়ক দাসে কয়।

অগপ বিধায়ক দাসেই হৈছে প্ৰথমগৰাকী বিধায়ক যিয়ে অসমৰ কাৰাগাৰাত এটা পুথিভঁৰাল সাজিবলৈ পুঁজিৰ অনুদান আগবঢ়াইছে।

‘’কাৰাগাৰৰ কেইগৰাকীমান কয়েদীয়ে লগতে মোক কৈছিল যে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কাৰাগাৰ চৌহদত মন্দিৰ আৰু মছজিদ আছে, কিন্তু এটা পুথিভঁৰাল নাই,’’-এইদৰে উল্লেখ কৰি তেওঁ কয় যে এটা পুথিভঁৰালে কয়েদীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মনবোৰো ইতিবাচক দিশলৈ গতি কৰিব।

কিছুমান লোকে ইতিমধ্যে পুথিভঁৰালৰ বাবে কেতবোৰ গ্ৰন্থ দান কৰিছে আৰু বৰঙণিৰ ৰূপত অধিক গ্ৰন্থ সংগ্ৰহৰ প্ৰচেষ্টা চলি আছে বুলিও বিধায়ক দাসে জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, কাৰাগাৰখনৰ কয়েদীসকলে পুথিভঁৰালটো স্থাপন কৰাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ শ্ৰম দান কৰিবলৈ আগবাঢ়ি আহিছে।

কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পুথিভঁৰালৰ বাবে কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা ৩১ মাৰ্চৰ ভিতৰত কাম সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰে যদিওৱা ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপনৰ এখন আঁচনি আৰম্ভ কৰিছিল, কিন্তু বৰ্তমান পুথিভঁৰালৰ সংখ্যা যথেষ্ট নহয় আৰু বেছিভাগ পুথিভঁৰালৰে অৱস্থা পুতৌজনক।