NORTHEAST NOW (Assamese)
অসম

শান্তি সমদলত পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বাতৰি খণ্ডন জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ

Posted by: নিখিল মুন্দ্ৰা February 22, 2019 7:47 am

হোজাইৰ জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাই কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ১৮ ফেব্ৰুৱাৰিত উলিওৱা শান্তি সমদলত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি ওলোৱা বাতৰিটো অস্বীকাৰ কৰিছে। বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰৰ মাদ্ৰাছাত অনুষ্ঠিত হোৱা এখন সংবাদমেলযোগে এই কথা স্পষ্ট কৰি দিছে জামিয়া ইছলামীয়া মাদ্ৰাছাই।

জালালীয়া সমাজৰ সভাপতি আহি জাহিউদ্দিন আৰু সাধাৰণ সম্পাদক মৌলানা আজিৰুদ্দিনে সংবাদমেল সম্বোধি কয় যে, ১৪ ফেব্ৰুৱাৰিৰ নৃশংস আক্ৰমণৰ চহিদ সকলক স্মৰণ কৰি জামিয়া ইছলামীয়া জালালীয়াই ১৮  ফেব্ৰুৱাৰিত এক শান্তি সমদল অনুষ্ঠিত কৰিছিল। প্ৰায় ৩০০০ হাজাৰ মাদ্ৰাছা ছাত্ৰ আৰু শিক্ষকে সমদলত অংশ লৈ ‘‘ভাৰতীয় সেনা জিন্দাবাদ’’, ‘‘পাকিস্তান মুৰ্দাবাদ’’ ‘‘সন্ত্ৰাসবাদ নিপাত যাওক’’ শ্লোগান দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাবে কিছুমান সংবাদ মাধ্যমত সমদলৰ সময়ত ‘‘পাকিস্তান জিন্দাবাদ’’ শ্লোগান দিয়াৰ বাতৰি প্ৰকাশ কৰা হৈছে যিটো অতিশয় দুখজনক।

আনহাতে, আমাৰ হাতত অনুষ্ঠানৰ সম্পুৰ্ণ ভিডিঅ’ আছে আৰু তাত কোনোধৰণৰ এনে বিতৰ্কিত শ্লোগান দিয়া হোৱা নাই, এয়া মাদ্ৰাছাক বদনাম কৰিবলৈ কোনো তৃতীয় শক্তিৰ ষড়যন্ত্ৰ বুলি সংবাদমেলত জামিয়া ইছলামীয়া জালালিয়াৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয়।

সংবাদমেলত জামিয়া ইছলামীয়া জালালীয় মাদ্ৰাছাৰ সদস্য ফকিৰুদ্দিন কাছমিয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া অভিযোগ খণ্ডন কৰি কয় যে সমদলৰ সময়ত প্ৰথমৰ পৰা শেষলৈ আৰক্ষী উপস্থিত আছিল, যদিহে তেনে কোনো বিতৰ্কিত শ্লোগান দিয়া হৈছিল তেন্তে আৰক্ষীয়ে নিশ্চয় শ্লোগান দিয়া সকলক বাধা দি আটক কৰিলেহেতেন।

উল্লেখযোগ্য যে, ১৮ ফেব্ৰুৱাৰিত হোজাইৰ বিজেপি যুৱ মৰ্চা আৰু এবিভিপিয়ে দুই সংখ্যালঘু নেতা ক্ৰমে এ আই য়ু ডি এফৰ হোজাই জিলা সভাপতি হালালুদ্দিন আহমেদ আৰু অসম ৰাজ্যিক জামিয়ত-এ-য়ুলেমাৰ সভপতি মৌলানা মোস্তাক আনফাৰৰ বিৰুদ্ধে সমদলৰ সময়ত দেশ বিৰোধী আৰু পাকিস্তানক সমৰ্থন কৰি দিয়া শ্লোগানৰ বাবে হোজাই আৰক্ষী চকীত পৃথকে পৃথকে দুখন এফ আই আৰ দাখিল কৰিছিল।