NORTHEAST NOW (Assamese)
অসম

বিদেশী গৱেষকে চালেহি অভিনৱ পদ্ধতিৰে হাল নোবোৱাকৈ অসমৰ খেতিয়কে কৰা আলু খেতি

Posted by: ৰিদিপ শৰ্মা February 22, 2019 11:31 pm

অসমৰ খেতিয়কে অভিনৱ পদ্ধতিৰে কৰা নতুন সঁচৰ আলু খেতিৰ মূল্যায়ন কৰিলে য়ুৰোপৰ পৰা অহা গৱেষকে। কলিয়াবৰৰ মাধতাৰি অঞ্চলৰ তোষেশ্বৰ বৰা, ধনীৰাম বৰা, প্ৰদীপ শইকীয়াকে ধৰি বহুকেইগৰাকী খেতিয়কে কৰিছিল এই নতুন পদ্ধতিৰ আলুখেতি।

খেতিয়ককেইজনে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ কৃষি বিভাগে “অসম বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি” চমুকৈ ‘এপাৰ্ট’ৰ জৰিয়তে তেওঁলোকক কুফি জ্যোতি আৰু কুফি পোখৰাজ নামৰ আলু বীজ যোগান ধৰিছিল আৰু তেওঁলোকে পৰীক্ষামূলকভাৱে ইয়াক কৰিছিল।

Foreigner at Potato field
অসমৰ খেতিয়কে কৰা আলুখেতি পৰ্য্যৱেক্ষণ কৰিছে এগৰাকী জাৰ্মান গৱেষিকা ছাত্ৰীয়ে।

পৰম্পৰাগত আলুখেতিৰ পৰিৱৰ্তে হাল নোবোৱাকৈয়ে আৰু তেনেই কম খৰচত আৰু কম পৰিশ্ৰম বিনিয়োগ কৰি তুলনামূলকভাৱে বহু বেছি উৎপাদন কৰিব পাৰি এই আলুখেতিৰ পৰা। ধান চপোৱাৰ পিছতে এৰি অহা নৰানিতে এই আলুখেতি কৰিব পাৰি।

“খেতি পথাৰত ধানখেতি চপোৱাৰ পাছতেই দ্বিতীয় খেতি হিচাপে এই খেতি কৰিব পৰা যায়। ইয়াৰ বাবে হাল বাব নালাগে। নৰাৰ মাজে মাজে নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ আলুৰ বীজ দি মাত্ৰ ছয় ইঞ্চি ডাঠকৈ নৰাৰে ঢাকি দিলেই হ’ল। ৰোপণ কৰাৰ ৯০ দিনৰ মূৰত খান্দিব পাৰি। গছে প্ৰতি ১ কেজিৰ ওপৰত উৎপাদন হয়।” জনালে এজন খেতিয়কে।

আলুখেতিৰ মূল্যায়ন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ (International potato Centre) ১২জনীয়া দল এটা অলপতে অসমলৈ আহিছে আৰু তেওঁলোকে আজি কলিয়াবৰৰ খেতিয়ক কেইজনৰো খেতি পৰ্য্যৱেক্ষণ কৰে। পৰ্য্যৱেক্ষকৰ দলটোত জাৰ্মানিৰ মাৰ্টিন লুথাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এগৰাকীও আছে। নাম ছফিয়া বুথে। কৃষি বিজ্ঞানৰ ছাত্ৰী ছফিয়াই পৰম্পৰাগত আলুখেতিৰ পৰিৱৰ্তে কৰা এই আলুখেতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। জানিব পৰামতে, দলটোৱে অসমৰ সাতখন জিলা এই আলুখেতিৰ জৰীপ চলাইছে। 

কলিয়াবৰৰ এই খেতিয়ককেইজনে নতুন পদ্ধতি আৰু নতুন বীজৰ খেতিৰে দেখুওৱা সফলতাই অসমৰ কৃষকসকললৈ বৈপ্লৱিক সুযোগ আনিব পাৰে বুলি স্থানীয় সচেতন লোকসকলৰ মন্তব্য।