NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ৰজাদিনীয়া বৰপুখুৰী পৰিস্কাৰৰ দায়িত্ব ল’লে চি আৰ পি এফে

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 25, 2019 7:18 am

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত চি আৰ পি এফ আৰু এছ ডি আৰ এফৰ সহযোগত দেওবাৰে শিৱসাগৰৰ মাজমজিয়াত থকা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত চাফাই অভিযান চলোৱা হয়। ভাৰত চৰকাৰৰ অধীনত স্বচ্ছ ভাৰত মিছনৰ ‘‘ৱাটাৰ বডি ক্লিনিং’’ আঁচনিৰ অধীনত চাফাই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখ্যোগ্য যে,  ৪ মাৰ্চৰ পৰা শিৱ দ’লত আৰম্ভ হ’ব মহা শিৱৰাত্ৰী মেলা। বিগত বৰ্ষৰ পৰা শিৱৰাত্ৰিক বিশ্বমুখী কৰাৰ বাবে অসম চৰকাৰে আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ হিচাপে পালন কৰাৰ বাবে  উদ্যোগ গ্ৰহণ কৰিছে। দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটিব লগা আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ নগৰখন স্বচ্ছ আৰু নিকা কৰি ৰখাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে।

জিলাখনৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে নিজে এই চফাই অভিযানৰ তদাৰক কৰে। কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৪৯ বেটেলিয়ান, এছ ডি আৰ এফ বাহিনীৰ প্ৰায় ৬০ জনীয়া এটা দলে চাফাই অভিযানত অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ পুখুৰীটো পৰিস্কাৰ কৰাৰ দায়িত্ব  গ্ৰহণ কৰে চি আৰ পি এফে।