NORTHEAST NOW (Assamese)
অসম

অসমত অবৈধ সুৰাৰ বেহাৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ আছে : হৰিশ ৰাৱট

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 25, 2019 7:42 pm
Harish Rawat Press meet

বিষাক্ত সুৰা সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি আছে। এই ঘটনাক কেন্দ্ৰ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিয়াৰ সময়তে অসমত ৰাজনৈতিক পৃষ্ঠপোষকতাতে অবৈধ সুৰাৰ অবাধ বেহা চলি থকাৰ গুৰুতৰ অভিযোগ আনিছে বিৰোধী কংগ্ৰেছে।

২৫ ফেব্ৰুৱাৰিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটে এই কথা উল্লেখ কৰে।

ৰাৱটে কয়, “অসমত চলি থকা অবৈধ সুৰাৰ ব্যৱসায়ক ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰি থকা হৈছে। ইয়াত একাংশ ৰাজনীতিক আৰু আবকাৰী বিভাগকে ধৰি বিভিন্ন প্ৰশাসনিক বিষয়া জড়িত আছে। বহু দিনৰ পৰাই এনেধৰণৰ অবৈধ বেহা চলি আছে”।

সুৰাৰ অবাধ বেহাৰ বিষয়ে কংগ্ৰেছে চৰকাৰক সকীয়াই আছিল কিন্তু চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাছিল বুলিও তেওঁ সংবাদমেলত কয়। লগতে চৰকাৰী পক্ষ আৰু শীৰ্ষ প্ৰশাসনীয় বিষয়া ইয়াত জড়িত থকাৰ বাবেই বিষয়টোক বিজেপি চৰকাৰে আওকাণ কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে।

ৰাৱটে এই ঘটনা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা বুলিও মন্তব্য কৰে।

“বিষাক্ত সুৰা সেৱন কৰি মৃত্যুমুখত পৰিব লগীয়া হোৱা লোকসকলক চৰকাৰে সময়মতে আৰু উপযুক্ত চিকিৎসাসেৱা প্ৰদান কৰিব পৰা নাছিল”, হৰিশ ৰাৱটে কয়।

ইপিনে কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সমাবেশ ‘সুৰা ট্ৰেজেডি’ৰ লগতে কাশ্মীৰৰ পুলৱামাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনায় আৰম্ভ হ’ব বুলিও হৰিশ ৰাৱটে জানিবলৈ দিয়ে।

ৰাৱটে একেখন সংবাদমেলতে অৰুণাচল প্ৰদেশত উদ্ভৱ হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰে।

“নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে এতিয়া জুইৰ লগত খেল খেলিব বিচাৰিছে। সেয়া এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি প্ৰদান কৰিয়ে হওক, নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰাই হওক বা এতিয়া অৰুণাচল প্ৰদেশত সংঘটিত ঘটনাৰ দ্বাৰাই হওক”, হৰিশ ৰাৱটৰ মন্তব্য।

একেদৰে, কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা চৰকাৰ আৰু চোৰাংচোৱাৰ ব্যৰ্থতাৰ বাবেই ঘটিব পাৰিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এই ঘটনাৰ প্ৰসংগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমোলেচনা কৰি ৰাৱটে কয়, “সন্ত্ৰাসবাদী অক্ৰমণৰ দৰে ভয়াৱহ ঘটনা ঘটি থকাৰ সময়তো প্ৰধান মন্ত্ৰীজন শ্বুটিং আৰু ৰাজনৈতিক সমাৱেশত ভাগ লোৱাত ব্যস্ত থাকিল”।

ইপিনে কালি প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজত কেইগৰাকীমান চাফাইকৰ্মীৰ ভৰি ধুৱাই দিয়া কাৰ্য সন্দৰ্ভত ৰাৱটে কয়, “মোদীয়ে যিমানেই ভৰি নুধুৱাওক কিয় তেওঁৰ আৰু কল্যাণ নহয়। ৰাইজে তেওঁৰ ঝুমলাবাজী বুজি পাই গৈছে”।

ৰাইজৰ বাবে তেওঁ একোৱেই কৰিব নোৱাৰি এতিয়া ভৰি ধুৱাই হ’লেও ভোট বিচাৰিছে বুলিও মোদীক কটাক্ষ কৰে হৰিশ ৰাৱটে।