NORTHEAST NOW (Assamese)
অসম

বিদেশী বিনিয়োগত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ৰামদেৱেই ৰাম ভৰসা!

Posted by: এন ই নাও নিউজ February 26, 2019 2:24 pm
safe_image

পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ উদ্যোগত আজি চিৰাং জিলাৰ খৈৰাবাৰীৰ অন্তৰ্গত ৰৌমাৰিত ‘পঞ্চগব্য অনুসন্ধান কেন্দ্ৰ আৰু গোশালা’ নামৰ এটা গো-প্ৰজনন আৰু আয়ুৰ্বেদিক ঔষধ নিৰ্মাণৰ গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব যোগগুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ। ইয়াৰ উপৰি দুয়োগৰাকীৰ উপস্থিতিত অঞ্চলটোৰ গাঁওবাসীৰ মাজত বৰ্ণসংকৰ গাইগৰু বিতৰণ কৰিব।

উল্লেখ্য যে কৰ্মসংস্থান সৃষ্টি, উপাৰ্জনৰ উৎস তথা ভৱিষ্যত প্ৰজন্মৰ মাজত মানৱতাভাৱ বজাই ৰখাৰ স্বাৰ্থতে পতঞ্জলি যোগপীঠ ট্ৰাষ্টে উক্ত কেন্দ্ৰটো স্থাপন কৰা বুলি জানিবলৈ দিয়ে।

ইফালে উক্ত কেন্দ্ৰটো মুকলি অনুষ্ঠানৰ লগতে সংগতি ৰাখি পতঞ্জলি আচাৰ্যকুলম বিদ্যালয়ৰ বৰ্ষপুতি কাৰ্যসূচীও পালন কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমত বিনিয়োগৰ বাবে পতঞ্জলিয়ে আগ্ৰহ প্ৰকাশ কৰাৰ পাছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পতঞ্জলিক বিটিএডিত বৃহৎ পৰিমানৰ ভূমি আৱন্টন দি ৰঙা দলিচা পাৰি দিয়ে। আনহাতে, এডভান্টেজ আছাম অনুষ্ঠিত কৰি বিদেশী বিনিয়োগ আকৰ্ষণ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে এতিয়া ৰামদেৱৰ দৰে দেশীয় বিনিয়োগকাৰীৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে।