NORTHEAST NOW (Assamese)
অসম

‘ব্যৰ্থ চৰকাৰ’ৰ বিৰুদ্ধে বোকাখাততো ওলাই আহিল শিক্ষক সমাজ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 26, 2019 4:56 pm

সমগ্ৰ অসমৰ লগতে বোকাখাততো আজি প্রায় ৬০০ শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাৰ উন্নয়ন, ছাত্র-ছাত্রীৰ বিনামূলীয়া পাঠ্যপুথি আৰু নিজৰ প্রাপ্য আদায়ৰ বাবে ৰাজপথত প্রতিবাদী সমদল  আৰু জেল ভৰো কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী শিক্ষক সকলে বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷

আনহাতে, প্ৰতিবাদী শিক্ষকসকলে অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু শিক্ষা আয়ুক্তক বাৰে বাৰে দাবীসমূহ লৈ আবেদন কৰাৰ পিছতো কোনোধৰণৰ সদুত্তৰ লাভ নকৰাত বাধ্য হৈ আন্দোলনৰ পথ ল’ব লগা হ’ল বুলি উল্লেখ কৰে।

শিশুৰ বাবে বিনামূলীয়া শিক্ষাৰ অধিকাৰ দিয়াৰ পিছতো বিনামূলীয়া কিতাপ-বহী চৰকাৰে সময়মতে যোগান ধৰিব নোৱৰাৰ ফলত ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হৈছে। তাৰোপৰি বিনামূলীয়া গণবেশো বছৰটোৰ শেষৰ ফালেহে লাভ কৰে বুলি প্ৰতিবাদত অংশলোৱা এজন ক্ষুভিত শিক্ষকে কয়।

চৰকাৰে ঢাক-ঢোল বজাই গুণোসৎৱ পতাৰ পিছত এতিয়ালৈ এ প্লাছ লাভ কৰা বিদ্যালয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পুঁজি লাভ কৰা নাই আৰু চৰকাৰৰ সৈতে ৩৫ বাৰৰো অধিক আলোচনা কৰাৰ পাছতো বিদ্যালয়সমূহত চৰকাৰে প্ৰধান শিক্ষকৰ পদ দিয়াত ব্যৰ্থ হৈছে বুলি প্ৰতিবাদকাৰী সকলে চৰকাৰক কঠোৰ সমালোচনা কৰে।

বেতন বঞ্চিত শিক্ষকসকল, অপ্ৰাদেশীকৃত বিদ্যালয়, ঠিকাভিত্তিক শিক্ষকসকল, শিক্ষামিত্ৰৰ চাকৰিৰ নিয়মীয়াকৰণ নোহোৱা, ৰান্ধনীসকলৰ ভাট্টা বৃদ্ধি নোহোৱা আদি সমস্যাসমূহ সমস্যা হৈয়ে থাকিল। চৰকাৰ এই ক্ষেত্ৰত সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি সমোলোচনা কৰে প্ৰতিবাদী শিক্ষকসকলে।

উল্লেখযোগ্য  যে, আজি ৰাজ্যত ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ  প্ৰায় এক লাখ শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰতিবাদী আন্দোলনত অংশ লৈছে।