NORTHEAST NOW (Assamese)
মিজোৰাম

স্ক্ৰাব টাইফাচত আক্ৰান্ত মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা

Posted by: এন ই নাও নিউজ January 15, 2018 3:47 pm
স্ক্ৰাব টাইফাচ

মিজোৰামত গুৰুতৰ ৰূপ ধাৰণ কৰা স্ক্ৰাব টাইফাচ ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা দূতলাঙত অৱস্থিত প্ৰেছবিটেৰিয়ান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা অনুসৰি গৃহ মন্ত্ৰী গৰাকী বৰ্তমান সুস্থ হৈ আহিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আইজল জিলাৰ ফুলেন গাঁৱত যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰফালে প্ৰাদুৰ্ভাৱ ঘটা উক্ত ৰোগটো বৰ্তমান ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছে। এতিয়ালৈকে ৰোগটোৰ ফলত এজন লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

যোৱা সপ্তাহত স্ক্ৰাব টাইফাচ ৰোগত আক্ৰান্ত বুলি ধৰা পৰা আৰ লালজিৰলিয়ানাক আইজল অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে দূতলাঙৰ প্ৰেছবিটেৰিয়ান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিশেষ এবিধ চিকৰাৰ পৰা সংক্ৰমিত হোৱা উক্ত ৰোগটোৰ ফলত ৰাজ্যখনত ২০১২ চনৰ পৰা ৩৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ জনতকৈ অধিক লোক আক্ৰান্ত হোৱা বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।