NORTHEAST NOW (Assamese)
অসম

শংকৰদেৱক ‘বাবা চংকৰদেব’ কোৱাটো একো ভুল নহয় : ৰঞ্জিত দাস

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 28, 2019 12:03 am
Ranjit Das

শংকৰদেৱক বাবা চংকৰদেৱ বুলি কোৱাটোত কোনো ভুল নাই। কোনো অস্বাভাৱিকতা নাই। কিন্তু জাপিক টুপী বুলি কোৱাটোহে ভুল। এই মন্তব্য অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

আজি অসম বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এটা কাৰ্য্যসূচীৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দাসে নিজৰ এই মত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এজন বহিৰাগত বিজেপিৰ নেতাই অসমীয়া মানুহৰ চিৰ নমস্য মহাপুৰুষ শংকৰদেৱক বাবা চংকৰদেৱ বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল।

সততে অতিৰঞ্জিত মন্তব্য দিয়া ৰঞ্জিত দাসে আজি ‘বাবা চংকৰদেৱ’ কোৱাটো ভুল নহয় বুলি কৈ ইয়াৰ সপক্ষে যুক্তি দিবলৈ গৈ কয়, “বাবা শব্দটো ‘পিতৃতুল্য’, পৃথিৱীৰ প্ৰতিগৰাকী সন্তানৰ বাবে পিতৃসকল ‘মহাপুৰুষ’ তথা দেৱতাসদৃশ। বাবা মানে দেউতা আৰু দেউতা মানেই দেৱতা।”

বিজেপি নেতাজনে ‘সন্মান প্ৰদৰ্শনেৰেহে হেনো মহাপুৰুষজনাক বাবা সম্বোধন কৰিছিল। দাসৰ এই দাবী।

ইপিনে ২৬ ফেব্ৰুৱাৰিত খানাপাৰাৰ এখন সভাত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে জাপিটোক টুপী বুলি কোৱাটো অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অপমানসূচক বুলি দাসে দাবী কৰে।।

“অসমীয়া কৃষ্টি-সংস্কৃতি কংগ্ৰেছৰ দিনত ৰক্ষা হ’ব বুলি ৰাহুল গান্ধীয়ে ভাষণত কৈছিল যদিও তেওঁ অসমীয়া আপুৰুগীয়া সম্পদ জাপিটোক টুপী বুলি আখ্যা দিলে। কংগ্ৰেছৰ কালচাৰটো টুপী পিন্ধোৱাই, গতিকে তেওঁলোকে য’তে-ত’তে টুপী দেখা পায়।” ৰাহুল গান্ধীক কটাক্ষ কৰি এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

আনহাতে, কালি ৰাহুল গান্ধীৰ গাত লাচিত বৰফুকন আৰু চিলাৰায়ৰ তেজ থকা বুলি ভাষণ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এক মন্তব্য কৰিছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক উভতি ধৰি অপমানসূচক মন্তব্য কৰে সভাপতি দাসে।

“প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অধিক বয়স হৈছে। বয়স অধিক হোৱাৰ ফলত তেওঁ বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছে। এইটো নিয়তিৰ বিধান, বয়স হোৱাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হয়, গতিকে তেওঁ বহু কথা পাহৰিছে।” দাসৰ মন্তব্য।