NORTHEAST NOW (Assamese)
অসম

বোকাখাতত সাংসদ পুঁজিৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ এলানি আধাৰশিলা স্থাপনৰ অভিযান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 4, 2019 6:47 am
IMG-20190303-WA0044~2

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে বোকাখাতত সাংসদ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া এলানি আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ সাংসদ গৰাকীয়ে বিয়লি বোকাখাতৰ পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ হাতীখুলি চাহ বাগিছাৰ সামুহিকগৃহ আৰু অপেক্ষা গৃহৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ লগতে তেওঁ মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ দেৱাল, উত্তৰ পূব কাজিৰঙা গাওঁ পঞ্চায়তৰ যদুমনি সামুহিক কেন্দ্ৰ আৰু বৰভেটাৰ সামুহিক গৃহ, পুব কাজিৰঙা গাওঁ পঞ্চায়তৰ কান্ধুলিমাৰী সামুহিক গৃহৰ চৌহদৰ দেৱালৰো আধাৰশিলা স্থাপন কৰে।

আনহাতে, তেওঁ ম’হমাইকী গাওঁ পঞ্চায়তৰ কাকচাঙত অপেক্ষাগৃহ, দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ ডিফলু চাহ বাগিছাত মাৰ্ক টু টিউৱৱেল আৰু বোকাখাত নগৰত থকা চাহ মজদুৰ সংঘৰ কাৰ্যালয় গৃহৰ সম্প্ৰসাৰণ আঁচনিৰো আধাৰশিলা স্থাপন কৰে ৷

সাংসদ গৌৰব গগৈয়ে এইদৰে লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত একেটা দিনতে মুঠ ৯খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰি চমক দিয়ে।

দেওবাৰৰ এই আধাৰশিলা স্থাপন অভিযানত সাংসদ গৌৰৱ গগৈৰ লগত  উপস্থিত থাকে বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টাই ,বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, ব্লক সম্পাদক লক্ষী প্ৰসাদ শইকীয়া,বকুল হাজৰিকা আৰু ভাস্কৰ কালিন্দী ৷ আধাৰশিলা স্থাপনৰ প্ৰাক্ক্ষণত সাংসদ গৰাকীক স্থানীয় ৰাইজে আদৰণি জনায় ৷