NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত গ্ৰেপ্তাৰ ‘জামাতুল মুজাহিদীন বাংলাদেশ’ৰ দুৰ্ধৰ্ষ সদস্য

Posted by: পিনাকী দাস Updated by: পিনাকী দাস March 6, 2019 7:29 am
Tripura DGP

ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ এজন দুৰ্ধৰ্ষ সদস্যক ৫ মাৰ্চ অৰ্থাৎ মঙলবাৰে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে সন্ধিয়া এখন সংবাদমেল যোগে এই কথা জনায় ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান অখিল কুমাৰ শুক্লাই।

সংবাদমেলত তেওঁ কয় ‘সন্ত্ৰাসবাদী কাৰ্যকালাপৰ সৈতে জড়িত এজন ব্যক্তি আৰু তেওঁৰ সংগীসকল ইয়াত থকা বুলি আমি তথ্য লাভ কৰিছিলো। আৰু সেই তথ্যৰ আধাৰতে আমি সক্ৰিয় হৈ আছিলো আৰু আজি নাজিৰ শ্বেখ নামৰ এজন লোকক আটক কৰিছো। আটকাধীন লোকজনৰ ঘৰ পশ্চিমবংগৰ মুৰ্চিদাবাদত আৰু তেওঁ বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ(জে এম বি)ৰ সৈতে জড়িত’।

অখিল কুমাৰ শুক্লাই আৰু কয়, ‘সূত্ৰৰ পৰা আমি জানিব পৰা মতে আটকাধীন উগ্ৰপন্থী সদস্যজন বিস্ফোৰক সামগ্ৰীৰ লগতে আই ই ডি বিস্ফোৰণত ঘটোৱাৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। সকলোৱে জানে যে বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদীনে ২০০৫ত একেলগে ৬৩খন জিলাত বিস্ফোৰণ ঘটাইছিল’।

সাংবাদিকে আটকাধীন সদস্যজনৰ বিষয়ে আৰু অধিক তথ্য জানিব বিচৰাত আৰক্ষী সঞ্চালক প্ৰধান জনে তদন্তৰ খাতিৰত মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও উগ্ৰপন্থী সদস্যজনৰ বয়স ২৫ বছৰ আৰু আজি আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে।