NORTHEAST NOW (Assamese)
অসম

১০৮ টি গৰখীয়া শিশুক সেৱা জনালে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে

Posted by: এন ই নাও নিউজ January 15, 2018 10:03 pm
গৰখীয়া সেৱা

পৰম্পৰা ৰক্ষা কৰি পৱিত্ৰ মাঘ বিহু উপলক্ষে নলবাৰী জিলাৰ গোৱৰাদলৰ সমিপৰ ষাঠিকুছিস্থিত শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানত দেওবাৰৰ পৰা আৰম্ভ হৈছে ধৰ্মীয় সভা মহোৎসৱৰ ৰূপালী জয়ন্তী উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা মেজি প্ৰজ্বলনেৰে আৰম্ভ হয় দ্বিতীয় দিনৰ কাৰ্য্যসূচী।

ইয়াৰ পাছত থান অধিকৰ্তা শৰৎ বৰ্মনে ভাগৱত প্ৰদক্ষিন আৰু আসন স্থাপন কৰাৰ লগে লগে ৰাতিপুৱা ৯ বজাত ১১ জনী অকুমাৰী ছোৱালীৰ দ্বাৰা পানীতোলা কাৰ্যসূচী ৰূপায়ন কৰা হয়। ১০ বজাত গৰখীয়া সেৱা অনুষ্ঠান উদ্বোধন কৰে মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে। ইয়াৰ পিছতে ১১.১৫ বজাত বন্তি প্ৰজ্বলন কৰে উত্তৰ পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ গণেশ তামুলীয়ে। বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ভক্ত সকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ১০৮ টি শিশু গৰখীয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৃন্দই লাৰু, পিঠা, মিঠাই,  ফল-মূল, ৰুমাল, গামোচা, ফুলাম জাপি,  গেঞ্জি, এচাৰি, চকলেট, কলম, কিতাপ আদি  আগবঢ়াই সেৱা তথা আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে গৰখীয়া সেৱা অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷