NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ আহ্বানলৈ সঁহাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ; অসমীয়াত হ’ব স্নাতক পাঠ্যক্ৰম

Posted by: এন ই নাও নিউজ March 6, 2019 7:59 pm
Guwahati University

স্নাতক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক অসমীয়া মাধ্যমত পাঠদান কৰোৱা আৰু পাঠ্যপুথি যোগান ধৰাৰ অসম সাহিত্য সভাৰ দাবীৰ প্ৰতি সন্মান জনাই ভাষা সম্পৰ্কীয় কেইবাটাও কথাত সহমতত উপনীত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সৈতে যোৱা এটা সঁজাতী দলে ৫ ফেব্ৰুৱাৰিৰ নিশা পৰ্যন্ত উপাচাৰ্য ড০ হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগ, অসমীয়া বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সাহিত্য সভাৰ পৰা প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।

প্ৰেছ বিবৃতিটোত জানিবলৈ দিয়া মতে, আলোচনাত উপাচাৰ্যই সাহিত্য সভাই প্ৰদান কৰা স্মাৰকপত্ৰৰ প্ৰতিটো প্ৰস্তাৱেই পুংখানুপুংখভাৱে আলোচনা কৰি ইয়াৰ বাবে প্ৰয়োজনীয় হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ পৰ্যায়ক্ৰমে লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অসমীয়া মাধ্যমক গুৰুত্ব দিয়া, অসমীয়া ভাষাত গৱেষণামূলক কাম-কাজ সম্পন্ন কৰা, স্নাতক পৰ্যায়ত আধুনিক ভাৰতীয় ভাষা (MIL) বাধ্যতামূলক কৰা, স্নাতকৰ সকলো পৰ্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্ৰকাশ কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনুসাৰে প্ৰকাশন সচিব নিয়োগ কৰা, প্ৰশাসনীয় স্তৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাক সমানে গুৰুত্ব দিয়া, সামগ্ৰিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা, কিছু বছৰৰ আগৰে পৰা চলি থকা অসমীয়া লোক সাহিত্যৰ বুৰঞ্জীৰ (৭টা খণ্ড) কাম এই বৰ্ষতে সমাপ্ত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাম শীঘ্ৰেই সম্পন্ন কৰিবলৈ উপাচাৰ্য্যজন সন্মত হৈছে বুলি বিবৃতিটোত উল্লেখ কৰে।

ইফালে সভাই অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি অহা এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে।

৫ ফেব্ৰুৱাৰিতে সভাই পৃথকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সৈতেও আলোচনাত মিলিত হয়।