NORTHEAST NOW (Assamese)
অৰুণাচল

অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড ধুমুহা; বিস্তৰ ক্ষতি সাধন

Posted by: মানস প্ৰতিম গগৈ March 6, 2019 8:17 pm

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালী অঞ্চলৰ ওপৰেদি আজি পুৱা পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহাই অঞ্চলটোত তাণ্ডৱ সৃষ্টিৰে বিস্তৰ ক্ষতি সাধন কৰে।

প্ৰাপ্ত তথ্য মতে তীব্ৰ বেগত অহা ধুমুহাজাকে অঞ্চলটোৰ গীৰ্জা ঘৰ, ক্ৰীড়া ভৱন, বিদ্যালয় আদিকে ধৰি কেইবাটাও বাসগৃহৰ টিনপাট উৰুৱাই নিয়াৰ লগতে ঘৰসমূহ ভাঙি লণ্ড-ভণ্ড কৰে।

অৱশ্যে ধুমুহাজাকৰ ফলত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই। ইপিনে কালি সন্ধিয়াৰ ভাগতো অসমৰ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড শিলাবৃষ্টি হৈছিল। অৱশ্যে শিলাবৃষ্টিৰ ফলত কোনোধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই।