NORTHEAST NOW (Assamese)
অসম

চমকপ্ৰদ প্ৰত্যাৱৰ্তন : জাৰ্মানীৰ বাৰ্লিনত অপৰাজিত হৈ ৰ’ল মেৰীকম

Posted by: এন ই নাও নিউজ March 8, 2019 7:27 am
File photo: Boxer MC Mary Kom

ছবাৰৰ বাবে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা এম চি মেৰীকমে ৫১ কেজিত প্ৰত্যাৱৰ্তন কৰাৰ পাছত নিজৰ জয়ৰ গতি অটুট ৰাখিছে। তেওঁ প্ৰশিক্ষণ মূলক ভ্ৰমণলৈ জাৰ্মানীৰ বাৰ্লিনলৈ গৈছিল। আৰু তাত খেলা তিনিওখন মেচতে মেৰী কমে একপক্ষীয় ভাৱে বিজয় সাব্যস্ত কৰে। 

যোৱা বছৰ নবেম্বৰত ষষ্ঠবাৰ বিশ্ব খিতাপ জয় কৰা মেৰী কমে অলিম্পিকত দ্বিতীয় পদক জিকা তথা প্ৰতিযোগিতাখনত ৪৮ কেজি শাখা অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫১ কেজিত যুঁজা আৰম্ভ কৰি দিছিল। 

বাৰ্লিনত মেৰী কমে পৰাস্ত কৰা খেলুৱৈ কেইগৰাকী ক্ৰমে য়ুক্ৰেইনৰ ডাৰিয়া ছিয়াৰিইবা, জাৰ্মানীৰ উৰ্ছলা গ’টলভ আৰু নৰৱে’ৰ ভেৰ’নিকা লোছভিক। দুৰ্দান্ত শৈলীৰ বাবে বিশ্ব পৰিচিত মেৰী কমে আটাইকেইখন খেলতে ৫-০ৰ ব্যৱধানত জয়ী হয়।

আনহাতে নিজৰ এই প্ৰদৰ্শনত যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে মেৰী কমক। জাৰ্মানীত লাভ কৰা সাফল্যৰ বাবে প্ৰশিক্ষক চোটে লাল যাদৱক কৃতিত্ব দিয়াৰ লগতে অনাগত দিন সমূহতো এই ধৰণৰ প্ৰদৰ্শন আগবঢ়াই যাব পাৰিব বুলি বক্সাৰগৰাকীয়ে আশা প্ৰকাশ কৰে।

জানিব পৰা মতে ৯ মাৰ্চ অৰ্থাৎ শনিবাৰে স্বদেশলৈ ঘূৰি আহিব মেৰী কম।