NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰ টোপ : তৎকালে কাৰ্য্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীলৈ ৩ শতাংশ মৰগীয়া বানচ

Posted by: এন ই নাও নিউজ March 8, 2019 7:45 am
Assam-Secretariat-Janata-Bhavan

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিজেপি চৰকাৰখনে ভোটাৰৰ ওপৰত আঁচনি, আধাৰশিলা, নিযুক্তি, সাহায্যৰ বৰষুণ সৃষ্টি কৰা দেখা গৈছে।

আজি বা কাইলৈৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনালৈ চাই বৃহস্পতিবাৰে ৰাতিয়েই চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশমতে, কৰ্মচাৰীসকলৰ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে। ইতিপূৰ্বে ৯ শতাংশ মৰগীয়া বানচ লাভ কৰি থকা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা ১২ শতাংশ হাৰত মৰগীয়া বানচ লাভ কৰিব।

জানিব পৰামতে, চলিত বৰ্ষৰ ১ জানুৱাৰি মাহৰ পৰাই এই বানচ লাভ কৰিব কৰ্মচাৰীসকলে আৰু সেয়া পৰৱৰ্তী মাহৰ দৰমহাৰ সৈতে দিয়া হ’ব।

উল্লেখযোগ্য যে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বাবে উন্নয়নৰ বিভিন্ন কাম স্তব্ধ হৈ আছে যদিও ৰাজ্য চৰকাৰখনে কেৱল ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যেই বিভিন্ন আঁচনি, আধাৰশিলা, সাহায্যৰ পোহাৰ মেলিছে। মন্ত্ৰী, বিধায়ক, বিজেপিৰ নেতাই যোৱা এমাহ সকলো কাম-বন এৰি চাৰিওফালে আধাৰশিলা, আঁচনি, সাহায্য বিতৰণত উবুৰি খাই পৰা দেখা গৈছে।