NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ কঠালগুৰিত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে চৰকাৰী বিদ্যালয়

Posted by: ভাৰ্গব হাজৰিকা March 8, 2019 2:07 pm
School

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চামগুৰি অঞ্চলৰ কঠালগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে অঞ্চলটোত প্ৰৱেশ কৰি মিজি গাঁৱৰ ৰংহাং প্ৰাথমিক বিদ্যালয়ত তাণ্ডৱ চলাই কেইবাটাও কোঠাৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ দুটাকৈ গৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

এইদৰে বনৰীয়া হাতীয়ে চলোৱা তাণ্ডৱৰ ফলত আজিৰ দিনটো শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হয় বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী।

বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত এতিয়া বিদ্যালয়খনৰ দেৱাল ভাগি পৰাৰ আশংকাত আতংকিত হৈ আছে শিক্ষক, অভিভাৱক সকলৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকল।

ইফালে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ ল’বলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে শীঘ্ৰে বিদ্যালয়খন পুনৰ মেৰামতি কৰি পাঠদানৰ উপযোগী কৰি তুলিবলৈও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা উক্ত অঞ্চলটোত বনৰীয়া হাতীৰ জাক সমূহ প্ৰৱেশ কৰি স্থানীয় লোকসকলৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বুলিও আক্ষেপ প্ৰকাশ কৰে।