NORTHEAST NOW (Assamese)
অসম

হোজাইত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ January 16, 2018 1:20 pm
বনৰীয়া হাতী

ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাই অহা হাতী মানুহৰ সংঘাটৰ সময়তে আজি  এটা বনৰীয়া হাতী বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাব লগা হয়।

প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে হোজাইৰ হাৱাইপুৰৰ কেইবাটাও ঘৰত উপদ্ৰব চলাই। সেই সময়তে জাকটোৰ এটা হাতীয়ে বীৰেন্দ্ৰ চৌহান নামৰ এজনৰ ঘৰ ভাঙি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

 

স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰাৰ উপৰি বনৰীয়া হাতীৰ জাকটোক হাবিৰ মাজলৈ ঘুৰাই পঠিয়াই।