NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত অনিয়মৰ অভিযোগ: তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ March 8, 2019 8:49 pm

অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন পদত নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে বক্ৰপথেৰে চাকৰি সংগ্ৰহ কৰা বুলি ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠে। একাংশ সংবাদ মাধ্যমে প্ৰথম পৃষ্ঠাত চৰকাৰৰ এই দুৰ্নীতিৰ বিৰুদ্ধে সবিস্তাৰে বাতৰিও প্ৰকাশ কৰিছে।

আনহাতে, এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা বুলি মন্তব্য কৰে।

বিভিন্ন মহলত হোৱা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমত প্ৰকাশিত অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক তদন্তৰ নিৰ্দেশ দিছে। মুখ্য মন্ত্ৰীয়ে লগতে মুখ্য সচিব গৰাকীক সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে প্ৰতিবেদন দাখিল কৰাৰ বাবেও নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, পৰীক্ষা অনুষ্ঠিত হোৱা সময়ত বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে মোবাইল ফোন ব্যৱহাৰকে ধৰি একাংশ অভিযোগেৰে সমগ্ৰ নিয়োগ ব্যৱস্থাটোৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালায়ত এক গোচৰ ৰূজু কৰা হৈছিল আৰু ঘটনা সন্দৰ্ভত চৰকাৰে চি আই ডি তদন্ত ঘোষণা কৰিছিল। কিন্তু আ্কস্মিকভাবে চি আই ডিৰ প্ৰতিবেদন ৰাজহুৱা নকৰাকৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি দলীয় সমৰ্থনপুষ্ট প্ৰাৰ্থীক নিযুক্তি দিয়াৰ চেষ্টা কৰিছে বুলি বিভিন্ন মহলত অভিযোগ উত্থাপিত হৈছে।