NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ অসমীয়া সমাজৰ নেতা মৃণালকান্তি অসমৰ পৰলোক

Posted by: এন ই নাও নিউজ January 16, 2018 2:19 pm

বাংলাদেশৰ চট্টগ্ৰামত থকা অসমীয়া সমাজখনৰ এজন মুখিয়াল তথা সম্প্ৰদায়টোৰ অন্যতম নেতা মৃণালকান্তি অসমৰ যোৱা ৩ জানুৱাৰিৰ পূৱতি নিশা পৰলোকগমন হয়।

মৃণালকান্তি অসমৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৰণৰ সময়ত তেওঁৰ বয়স ৮৮ বছৰ আছিল।

মৃণালকান্তি অসম।

জীৱনকালত তেওঁ বাংলাদেশৰ চট্টগ্ৰাম পাৰ্বত্য অঞ্চলৰঅসমীয়া লোকক প্ৰতিনিধিত্ব কৰা একমাত্ৰ সংগঠন অহমীয়া কল্যাণ সংসদৰ সভাপতি হৈ কেইবা বছৰ ধৰি নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ বিভিন্ন সামাজিক কামৰ লগতো জৰিত আছিল।

তেওঁৰ বিয়োগে বাংলাদেশৰ চট্টগ্ৰাম পাৰ্বত্য অঞ্চলৰ অসমীয়া লোকৰ মাজত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ উজান বজাৰ নিৱাসী চিকিৎসক ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত ৰঙামাটি-চিটাগঙত থকা অসমীয়া মানুহখিনিৰ সৈতে অসমৰ পৰা ভাষিক আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰয়াস বহু দিনৰ পৰা চলি আছে আৰু তেওঁলোকে এতিয়া সঘনাই অসমৰ অসমীয়া সমাজখনৰ সৈতে যোগাযোগ ৰক্ষা কৰে।