NORTHEAST NOW (Assamese)
অসম

এইবাৰ কংগ্ৰেছে কাঢ়ি ল’ব এ আই য়ু ডি এফৰ দখলত থকা তিনি সমষ্টি

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক March 9, 2019 8:20 pm
09-03-19 Guwahati- Tarun Gogoi pmt03

এইবাৰ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১০ টাতেই জয়লাভৰ আশাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ। এই সমষ্টি কেইটাৰ ভিতৰতেই সোমাই আছে যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফৰ দখললৈ যোৱা তিনি সমষ্টি।

বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই য়ু ডিফে যোৱাবাৰ ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত জয়লাভ কৰিছিল। ইয়াৰে ধুবুৰীত বদৰুদ্দিন আজমল নিজেই, বৰপেটাত তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমল আৰু কৰিমগঞ্জত ৰাধেশ্যাম বিশ্বাসে সাংসদ নিৰ্বাচিত হৈছিল।

কিন্তু এই তিনিওটা সমষ্টিক লৈ এইবাৰ কংগ্ৰেছ অধিক তৎপৰ হৈ পৰিছে। এই তৎপৰতাৰ কথা স্বীকাৰ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘এ আই য়ু ডি এফৰ হাতত থকা তিনিটা সমষ্টি আমি জিকিম বুলি নিশ্চিতভাৱে ধৰি লৈছো।‘

তেওঁ লগতে কয়, ‘এ আই য়ু ডি এফক নাইকীয়া কৰিবই লাগিব। নহ’লে আমাৰেই বিপদ।‘ তৰুণ গগৈয়ে এ আই য়ু ডি এফক নি:শেষ কৰাৰ ক্ষেত্ৰত কিয় ইমান গুৰুত্ব দিছে তাকো সংবাদমেলত ক’লে।

‘এ আই য়ু ডি এফ থাকিলে বিজেপিও থাকিব। দুয়োটা দল আদৰ্শগতভাৱে একেই। এটাই মুছলমানৰ নামত ৰাজনীতি কৰে আৰু আনটোৱে হিন্দুৰ নামত ৰাজনীতি কৰে। বিজেপিয়ে এ আই য়ু ডি এফ থকাটোৱে বিচাৰে’, তৰুণ গগৈয়ে সংবাদমেলত কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে বিজেপিক দুৰ্বল বুলি মন্তব্য কৰি কয় যে বিজেপিয়ে পুনৰ অগপৰ পিছে পিছে ফুৰিব ধৰিছে। অগপৰ পিঠিত উঠি বিজেপিয়ে বৈতৰণী পাৰ হ’ব বিচাৰিছে বুলিও তেওঁ কটাক্ষ কৰে।

তেওঁ লগতে অগপকো সমালোচনা কৰি ‘অগপই বিজেপিৰ ঘৰজোঁৱাই হ’বলৈ গৈ আছে’ বুলিও মন্তব্য কৰে।

একেদৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাকো আক্ৰমণৰ লক্ষ্য কৰি ল’লে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে। কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপ’লচ পাৰ্টিয়ে এইবাৰ অসমত নিৰ্বাচনী তৎপৰতা দেখুৱাৰ পাছত চাংমাৰ ভূমিকাক লৈ গগৈয়ে সন্দেহ প্ৰকাশ কৰে।

তেওঁ কনৰাড চাংমাক বিজেপিৰ ‘বি টিম’ বুলিও অভিহিত কৰি কেৱল ভোট বিভাজনৰ বাবেই এন পি পিয়ে অসমত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে।