NORTHEAST NOW (Assamese)
অসম

প্ৰসংগ পঞ্চায়ত-গ্ৰামোন্নয়ন কেলেংকাৰি : প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব বিজেপিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 12, 2019 10:08 pm
Prafulla Malla

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত নীতি বহিৰ্ভুতভাৱে একে ৰাতিৰ ভিতৰতে ৯৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পাছতেই ৰাজ্যজুৰি বিষয়টোৱে তুমুল চৰ্চা লাভ কৰিছিল। তাৰ সমান্তৰালকৈ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পৰীক্ষা অনুষ্ঠিত কৰা ‘ব্লুম ইলেক্ট্ৰনিকছ’ৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ পোনপটীয়াকৈ জড়িত থকা বুলি তেওঁৰ বিৰুদ্ধে সোচ্চাৰ হৈ কেতবোৰ মন্তব্য কৰিছিল।

তাৰ পাছতেই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই তেওঁৰ বিৰুদ্ধে সৰব হৈ পৰাৰ লগতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে।

‘’ৰাম মাধৱৰ নাম সাঙুৰি যি মন্তব্য দিছে, প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ’ব।‘ শণিবাৰে এক সংবাদমেল সম্বোধন কৰি মহন্তৰ বিৰুদ্ধে এইদৰে হুংকাৰ দিয়ে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

তদুপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাম মাধৱক লৈ কৰা মন্তব্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

‘’মহন্তই দুদিনমানৰ পৰা মনে সজা কিছুমান মন্তব্য কৰি আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে জীৱন অতিবাহিত কৰা অবিবাহিত লোকৰ পুত্ৰ ক’ৰ পৰা আহিল সেইটো আটাইতকৈ ডাঙৰ কথা। প্ৰফুল্ল কুমাৰ মহন্তৰ সিমানখিনি নুন্যতম জ্ঞান নথকাকৈ অকল ৰাজনৈতিক বক্তৱ্যৰে কৈছে যে ৰাম মাধৱৰ পুত্ৰৰ ফাৰ্মে  পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা পাইছে,’’- সংবাদমেলত জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়।

আনহাতে, পূৰ্বতে প্ৰফুল্ল কুমাৰ মহন্ত কেইবাটাও বৃহৎ কেলেংকাৰিৰ সৈতে জড়িত থকা বুলি সংবাদমেলত অভিযোগ কৰে বৰুৱাই।

‘’যিজন মানুহৰ বিৰুদ্ধে এল অ’ চি কেলেংকাৰিৰ পৰা নাৰী কেলেংকাৰিলৈকে বহুকেইটা অভিযোগ আছে, তেওঁ অন্তত: সৰ্বানন্দ সোণোৱাল আৰু দেশৰ বাবে নিজৰ জীৱনটো উচ্ছৰ্গা কৰা ৰাম মাধৱৰ নিচিনা নেতাৰ বিৰুদ্ধে এনে মন্তব্য কৰাটো সমীচিন নহয়,’’-মহন্তক কটাক্ষ কৰি এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

ইপিনে, ৰাম মাধৱৰ কোনো আত্মীয়ৰ সৈতে ব্লুম ইলেক্ট্ৰনিক্সৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

তেওঁৰ মতে ‘‘ব্লুম ইলেক্ট্ৰনিক্স দক্ষিণৰ কইম্বা’টৰৰ কোম্পানী। ৰাম মাধৱ যিহেতু দক্ষিণ ভাৰতৰ গতিকে কোম্পানীটোৰ সৈতে মিলাই মহন্তই এই কথা কৈছে।‘‘

এনেধৰণৰ প্ৰসংগক ৰাজনৈতিক ইচ্ছ্যু নবনাবৰ বাবেও তেওঁ লগতে আহ্বান জনায়।