NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ২০ হাজাৰতকৈ অধিক তৃতীয় লিংগৰ ব্যক্তিৰ লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ

Posted by: এন ই নাও নিউজ March 14, 2019 10:46 am
swati bidhan baruah assam

‘অসম তৃতীয় লিংগ আঁচনি’খন কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতো কাৰ্যকৰী নকৰাত ক্ষুভিত হৈ পৰিছে সদৌ অসম তৃতীয় লিংগ সন্থা।

ৰাজ্যৰ তৃতীয় লিংগসকলৰ উন্নয়নৰ বাবে প্ৰণয়ন কৰা আঁছনিখন যদি ৰাজ্য চৰকাৰে শীঘ্ৰে কাৰ্যকৰী নকৰে তেতিয়া ৰাজ্যৰ ২০ হাজাৰতকৈ অধিক তৃতীয় লিংগৰ ব্যক্তিয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি সদৌ অসম তৃতীয় লিংগ সন্থাই হুংকাৰ প্ৰদান কৰে।

বুধবাৰে অৰ্থাৎ ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সন্থাৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই এই কথা উল্লেখ কৰি কয় যে ‘অসমৰ তৃতীয় লিংগৰ লোকসকলৰ উন্নয়নৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত ফেব্ৰুৱাৰি মাহৰ ভিতৰতে ‘অসম তৃতীয় লিংগ আঁচনি’খন কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। আঁচনিখন অনুসৰি, তৃতীয় লিংগৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা, স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থা কৰা, তৃতীয় লিংগৰ লোকক লেখা-পঢ়া আৰু চাকৰিৰ ব্যৱস্থা চৰকাৰে কৰিব। কিন্তু, ফেব্ৰুৱাৰি মাহ অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই। চৰকাৰৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। অসমৰ প্ৰায় বিছ হাজাৰ তৃতীয় লিংগ ভোটাৰে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বাতিল কৰিবলৈ বাধ্য হ’ম।‘

আনহাতে এটা বেচৰকাৰী সংস্থাই তৃতীয় লিংগক লৈ নিৰ্মাণ কৰি থকা ‘আউটকাষ্ট’ নামৰ চলচ্চিত্ৰখনৰ বিৰুদ্ধেও সদৌ অসম তৃতীয় লিংগ সন্থা সৰৱ হৈ পৰে। চলচ্চিত্ৰখনত তৃতীয় লিংগৰ মানুহক বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ তুলি চলচ্চিত্ৰখনৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰিবলৈ সন্থাই দাবী জনাইছে।