NORTHEAST NOW (Assamese)
অসম

মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে, মোক আঁতৰাই দলৰ একাংশ নেতা নিষ্কন্টক হ’ব বিচাৰিছে : মহন্ত

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক March 14, 2019 5:45 pm
18aae356-cfa1-491e-ad5e-92c7422b58d2

‘’বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ সিদ্ধান্ত নাছিল। এনে সিদ্ধান্ত কাৰ্য নিৰ্বাহকে লোৱা নাছিল। এয়া সাধাৰণ পৰিষদৰো সিদ্ধান্ত নহয়। কিয়নো এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সাধাৰণ পৰিষদৰ সন্মতি প্ৰয়োজন। বিজেপিৰে মিত্ৰতা অগপৰ চাৰি পাঁচজন নেতাৰ একপক্ষীয় সিদ্ধান্ত মাথোঁ,’’-বৃহস্পতিবাৰে দিচপুৰৰ হোটেল ৰাজধানী ৰিজেঞ্চিত এখন সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ।

অগপ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি মহন্তই অভিযোগ কৰে যে ‘’মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। মোক আঁতৰাই দলৰ একাংশ নেতা নিষ্কন্টক হ’ব বিচাৰিছে।‘’

আনহাতে, মহন্তই লগতে জানিবলৈ দিয়ে যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে এখন ৯ জনীয়া সমিতি গঠন কৰা হৈছিল। কিন্তু এই সমিতিৰ মাত্ৰ এখন সভাহে হৈছিল। তদুপৰি, দলৰ এই নেতৃত্বই এখনো সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰা নাই।

ইপিনে, তেওঁ ৰাজ্যপাল আৰু পত্নী ড০ জয়শ্ৰী গোস্বামী মহন্তক লোকসভা বা ৰাজ্যসভাৰ টিকট দিয়াৰ কথা প্ৰকাশ পোৱা বাতৰি ভিত্তিহীন আখ্যা দিয়ে মহন্তই। এই বিষয়ত তেওঁ অৱগত নহয় বুলিও সদৰী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।

বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে অগপৰ ক্ষতি হ’ব বুলি উল্লেখ কৰি মহন্তই লগতে কয়, ‘’এইবাৰ লোকসভা নিৰ্বাচনত মই কাৰোৰে হৈ প্ৰচাৰ চলাব নাযাঁও।‘’