NORTHEAST NOW (Assamese)
অসম

আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দীপাৰ; পদক জয়ৰ সম্ভাৱনা উজ্জ্বল

Posted by: এন ই নাও নিউজ March 15, 2019 10:08 am

আজাৰবাইজানৰ বাকুত চলি থকা আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপৰ ভ’ল্ট শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে দেশৰ তাৰকা তথা অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰ।

প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ২৫ বছৰীয়া দীপাই অত্যন্ত কঠিন হেণ্ডফ্ৰণ্ট ৫৪০ ভ’ল্টত ১৪.২৯৯ পইণ্ট অৰ্জনেৰে তৃতীয় স্থান দখল কৰি ফাইনেললৈ অগ্ৰসৰ হয়। জানিব পৰা মতে এই শাখাৰ ফাইনেল ১৬ মাৰ্চ অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ’ব।

ইফালে প্ৰতিভাৱান জিমনাষ্টগৰাকীয়ে আজি প্ৰতিযোগিতাখনৰ বেলেন্সদ বিম ইভেণ্টত ভাগ ল’ব।

বহু দিনৰ বিৰতিৰ মূৰত জিমনাষ্টলৈ ওভতা দীপাৰ প্ৰদৰ্শন সন্তুষ্টি প্ৰকাশ কৰি জিমনাষ্টিক ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উপ সভাপতি ৰিয়াজ ভাটিয়ে কয়, ‘দীপাই ভাল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ অলিম্পিক কোৱালিফায়িঙৰ বাবে আৰু এখোজ আগবাঢ়িছে। এতিয়া শনিবাৰৰ ফাইনেলত দীপাই ভাল প্ৰদৰ্শন আগবঢ়াই পডিয়ামত ঠিয় হ’ব বুলি আশা কৰিছো’।

উল্লেখ্য যে দীপা হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা জিমনাষ্ট। দীপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাগ লৈ চতুৰ্থ স্থান লাভ কৰিছিল। দীপাক তেওঁৰ বিৰল ক্ৰীড়া প্ৰতিভা আৰু সফলতাৰ বাবে পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।