NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেঘালয়ৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ আছে প্ৰায় ৬০০০ পদ

Posted by: এন ই নাও নিউজ March 15, 2019 4:00 pm
conrad-pc-as-cm-e1521335916237-750x375

বৃহস্পতিবাৰে মেঘালয় বিধানসভাৰ প্ৰশ্নোত্তৰ কালত কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংগদোয়ে ৰাজ্যখনত বৰ্তমান কিমান সংখ্যক পদ খালী হৈ আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী কনৰাড চাংমাই বিভিন্ন চৰকাৰী বিভাগত প্ৰায় ৬০০০ পদ খালী হৈ আছে বুলি মন্তব্য কৰে।

কংগ্ৰেছ বিধায়কজনৰ প্ৰশ্নৰ উত্তৰ দি কনৰাড চাংমাই মেঘালয় চৰকাৰৰ ৪৮ টা বিভাগত মুঠ ৫৯৮৪ টা পদ খালী থকা বুলি উনুকিয়াই শীঘ্ৰে পদসমূহ পূৰণ কৰা হ’ব বুলি কয়।

কংগ্ৰেছ বিধায়ক লিংগদোৱে মেঘালয় লোকসেৱা আয়োগত এতিয়াও খালী হৈ থকা ১৮৭৩ টা পদৰ কথা আঙুলিয়াই দি চৰকাৰক আয়োগৰ নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰাৰ বাবে আহ্বান জনায়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী জনে কয় যে মেঘালয় লোকসেৱা আয়োগৰ উপৰিও জিলা নিৰ্বাচনী সমিতিয়েও বিভিন্ন পদ পূৰণ কৰিব বাকী আছে।

আনহাতে, মেঘালয় চৰকাৰে লোকসেৱা আয়োগক নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰাৰ বাবে লিখিত ভাবে ইতিমধ্যে জনাইছে বুলি কয় চাংমাই। এম পি এচ চিয়ে ৰাজ্যখনৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবেও বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানত কয় কনৰাড চাংমাই।

বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানত স্বাস্থ্য মন্ত্ৰী এ এল হেকে ৰাজ্যখনৰ স্বাস্থ্য বিভাগতো বহু সংখ্যক পদ খালী হৈ থকা বুলি কয়।