NORTHEAST NOW (Assamese)
উত্তৰ-পূব

প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ ‘মৰ্যাদা হানি’ৰ অভিযোগত বাংলাদেশে গ্ৰেপ্তাৰ কৰিলে ‘ফিফা’ৰ বিষয়াক

Posted by: এন ই নাও নিউজ March 17, 2019 7:45 am
Sheikh-Hasina-1-750x375

দেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মৰ্যাদা হানিৰ অভিযোগত বাংলাদেশে ‘ফিফা’ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

২০১৭ চনৰে পৰা মহিলা ফুটবলৰ ৰাষ্ট্ৰীয় মুৰব্বী ফিফা কাউন্সিলৰ এগৰাকী সদস্য মাহফুজা আখতাৰে যোৱা মাহত এটা টিভি টক শ্ব’ত কৈছিল যে প্ৰধান মন্ত্ৰী হাছিনাই ক্ৰিকেট বলিয়া দেশখনত ফুটবলক অৱহেলা কৰিছে।

বাতৰি অনুসৰি, স্থানীয় ক্ৰীড়া প্ৰশাসক আবুল হাছান চৌধুৰীৰ পৰা এক আনুষ্ঠানিক মানহানিৰ অভিযোগ পোৱাৰ পাছত মঙলবাৰে ঢাকাৰ এখন আদালতে মাহফুজাৰ বিৰুদ্ধে এক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।

মাহফুজাক শনিবাৰে ৰাতিপুৱা ৰাজধানীত গ্ৰেপ্তাৰ কৰাৰ কথা ঢাকাৰ আৰক্ষী বিষয়া ওমৰ ফাৰুকে এক সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়ে।

আনহাতে, মাহফুজাৰ অধিবক্তা লিয়াকৎ হুছেইনে জানিবলৈ দিয়া মতে সিদিনাই বিয়লি মহানগৰ মেট্ৰ’পলিটান আদালতে এক শুনানিত তেওঁৰ জামিন আবেদন অগ্ৰাহ্য কৰিছে। ‘’ তেওঁক আদালতত হাজিৰ কৰাৰ পাছত আমি তেওঁৰ জামিন বিচাৰিছিলো। কিন্তু আমাৰ আবেদন অগ্ৰাহ্য কৰা হয়,’’-তেওঁ জানিবলৈ দিয়ে।

মানহানিৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ আইন ব্যৱহাৰ কৰা বুলি বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে সোঁপন্থী গোটসমূহে অভিযোগ তুলিছে।

কঠোৰ ইন্টাৰনেট আইনৰ অধীনত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অনলাইনত হাছিনাৰ বিষয়ে অপবাদসূচক মন্তব্য কৰাৰ বাবে কমেও ২০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি এগৰাকী চাইবাৰ অপৰাধ বিচাৰকে জানিব দিয়ে।

বিগত বছৰৰ আগষ্ট মাহত এটা টেলিভিশ্যন সাক্ষাৎকাৰত ‘’মিছা’’ আৰু ’’প্ৰৰোচনামূলক’’ বক্তৱ্য ৰখাৰ অভিযোগত পুৰস্কাৰ প্ৰাপ্ত ফটোগ্ৰাফাৰ শ্বাহিদুল আলমক গ্ৰেপ্তাৰ কৰাৰ এমাহ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে মাহফুজা আখতাৰক।