NORTHEAST NOW (Assamese)
অসম

ডবকাত দলঙৰ তলত নিখোজ হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ

Posted by: নিখিল মুন্দ্ৰা March 17, 2019 7:34 pm
Body deadbody Speeding vehicle knocks down three in Tinsukia

হোজাই জিলাৰ ডবকাৰ ভেলৌগুৰীত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন দলঙৰ তলত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ফলত সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ডবকাৰ ভেলৌগুৰিস্থিত পাৱাৰ গ্ৰীড কৰ্পাৰেচনৰ সমীপতে এই ঘটনা সংঘটিত হয়।

মৃত মহিলাগৰাকী ভেলৌগুৰিৰ চুখীয়া গৌড় (৪৫) বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা একাংশ স্থানীয় লোকে দলংখনৰ তলত এটা মৃতদেহ প্ৰত্যক্ষ কৰি ডবকা আৰক্ষী থানাত খবৰ দিয়ে।

ডবকা আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চুখীয়া গৌড় নামৰ মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন প্ৰতক্ষ কৰি কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ একাংশ স্থানীয় ৰাইজে।

ইতিমধ্যে ডবকা আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে চুখীয়া গৌড় নামৰ মহিলাগৰাকী যোৱা ১৪ মাৰ্চৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল।