NORTHEAST NOW (Assamese)
অসম

জন্ম শতবৰ্ষিকীত লোকসংস্কৃতিবিদ ড০ প্ৰফুল্লদত্ত গোস্বামীলৈ অসম সাহিত্য সভাৰ শ্ৰদ্ধাৰ্ঘ্য

Posted by: এন ই নাও নিউজ March 18, 2019 10:10 pm
18-03-2019 Photo ASS(1)

অসমৰ লোকসাহিত্য-সংস্কৃতিৰ আধুনিক বিদ্যায়তনিক অধ্যয়নেৰে লোকসংস্কৃতিৰ পথাৰখন অকল ভাৰতবৰ্ষতেই নহয় বিদেশতো সমাদৃত কৰি চিৰপূজ্য হোৱা বিশিষ্ট লোকসংস্কৃতিবিদ ড০ প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম দিৱস আজি জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য হিচাপে পালন কৰে অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, উপ-সভাপতি ড০ হেমন্তকুমাৰ বৰুৱাকে ধৰি উপস্থিত অতিথি সকলে বিশিষ্ট ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে।

আনহাতে, সাহিত্যিকগৰাকীৰ পুত্ৰ ভাস্কৰদত্ত গোস্বামী, জিষ্ণুদত্ত গোস্বামী আৰু কন্যা অনুৰূপা দেৱী প্ৰমুখ্যে পৰিয়ালবৰ্গৰ হৈ দিপালী শৰ্মা, অমিয়া গোস্বামী, চিণ্ময়ী গোস্বামী আৰু ধ্ৰুৱজ্যোতি শৰ্মাই বিশেষ শ্ৰদ্ধা তৰ্পন কৰে।

সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি স্বপ্ননীল বৰুৱাই প্ৰফুল্লদত্ত গোস্বামীৰ বিশাল সাহিত্য সম্ভাৰৰ বিষয়ে আলোকপাত কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকসাহিত্য আৰু লোকসংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত লোকসংস্কৃতিবিদজনে আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰসংগত ড০ প্ৰফুল্লদত্ত গোস্বামীক বিৰল প্ৰতিভাসম্পন্ন এগৰাকী পুৰোধা সাহিত্যক আৰু কালজয়ী লোকসংস্কৃতিবিদ বুলি অভিহিত কৰে।

সভাত সমালোচক-সাহিত্যিক পৰমানন্দ মজুমদাৰ, দিলীপ কলিতা, আকাশবাণী আৰু দুৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা দেৱেন্দ্ৰনাথ বসুমতাৰী আদি উপস্থিত থাকি বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰে।

অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত উপস্থিত থাকি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ  লগত সংগতি ৰাখি ড০ মৃণাল কুমাৰ বৰাৰ ‘ৰাভা লোকগীতৰ আভাস’ নামৰ এখনি গ্ৰন্থও উন্মোচন কৰা হয়।