NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ অজ্ঞাত স্থানত আত্মসমৰ্পণ আলফা স্বাধীনৰ ৭ নেতাৰ, জমা দিছে অত্যাধুনিক অস্ত্ৰ

Posted by: এন ই নাও নিউজ March 18, 2019 10:38 pm
7 ULFA-I leaders surrender in Assam's Tinsukia, claims source

তিনিচুকীয়া জিলাৰ অজ্ঞাত স্থানত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা (স্বাধীন)ৰ ৭গৰাকীকৈ নেতাই, সূত্ৰৰ দাবী।

সূত্ৰটোৱে জনোৱা মতে আত্মসমৰ্পণ কৰা সদস্যকেইজন হৈছে ছাৰ্জেণ্ট বৰুণ অসম, লেন্স কৰ্প’ৰেল সৌৰভ অসম, লেন্স কৰ্প’ৰেল উৎপল অসম, লেন্স কৰ্প’ৰেল বসন্ত অসম, লেন্স কৰ্প’ৰেল নিনজা অসম, মজিদ মৰাণ আৰু শেখৰজ্যোতি অসম।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ ওচৰত নেতাকেইজনে আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে।

আত্মসমৰ্পণৰ সময়ত তেওঁলোকে এটা AK–47সহ পাঁচটা মেগজিন, তিনিটা MQসহ ১১টা মেগজিন, দুটা HKসহ ৮টা মেগজিন, ১১টা গ্ৰেনেড আৰু ৮০৪ RDX জমা দিছে।

আলফা (স্বাধীন)ৰ তৰফৰ পৰা মঙলবাৰে ৰাতি ১০:৩০ বজালৈকে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ পোৱা হোৱা নাই।