NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ March 22, 2019 9:02 pm
Dibrugarh-Chandigarh express

পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ চাথাতত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু হয়। ৰাতিপুৱা ১১ মান বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনাটো।

ৰেল বিভাগৰ বিষয়া এজনে জনোৱা অনুসৰি চলন্ত ৰেলগাড়ীখনৰ ইঞ্জিনৰ পৰা ধোৱা ওলোৱা দেখা পোৱাৰ লগে লগেই চালকজনে জৰুৰীকালীন ব্ৰেক লগাই শিলিগুৰি সংমণ্ডলৰ অধীনৰ চাথাত ষ্টেচনৰ সমীপত ৰেল গাড়ীখন ৰখাবলৈ সক্ষম হয়।

ঘটনা স্থলীত ততাতয়াকৈ চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।স্থনীয় প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে জীৱন বচাবৰ বাবে চলন্ত ৰেলগাড়ী খনৰ পৰা জপিয়াই দিয়াৰ ফলতেই দুয়ো গৰাকী লোকৰ মৃত্যু হয়।

ইতিমধ্যে ৰেলগাড়ী খনত থকা যাত্ৰী সকলক ওচৰৰ নিউ জলপাইগুৰি আৰু চাথাত ষ্টেচনলৈ লৈ যোৱা হৈছে।

উল্লেখযোগ্য যে, স্বৰ্ট চাৰ্কিটৰ বাবেই ৰেলগাড়ী খনৰ ইঞ্জিনত জুই লাগিছিল বুলি ৰেল বিভাগৰ পৰা প্ৰকাশ কৰিছে। ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰেলগাড়ীখন ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত সপ্তাহত এবাৰকৈ চলাচল কৰে।